দিশহাৰা এগৰাকী দুৰ্ভগীয়া পিতৃঃ ১৫ টা দিন অতিক্ৰমৰ পিছতো সন্ধান নাপালে অপহৃত কন্যাৰঃ আৰক্ষীৰ সহাৰি নাপায় সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৫জুলাইঃ ২৯ জুন ২০১৯ ৰ ঘটনা।

লংকাৰ দক্ষিণ লস্কৰপথাৰত কলেজৰ পৰা ঘৰলৈ আহি থকাৰ পথত আব্দুল হামিদৰ কন্যা আপৰুজা বেগম হঠাৎ অন্তৰ্ধান হৈ পৰে।

ইফালে,বহুসময় ধৰি ছাত্ৰীগৰাকী ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়াল বৰ্গ।

পিছত বহু ঠাইত বিচাৰ খোচাৰ কৰি সন্ধান লাভ নকৰাত ছাত্ৰীগৰাকীক দুজন যুৱকে এখন গাড়ীত উঠাই অপহৰণ কৰি নিয়াৰ কথা প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পাৰি দুই যুৱক ক্ৰমে ৰিবুল হুছেইন আৰু আবুল হুছেইনৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত যোৱা তিনি জুলাইত অপহৰণ সংক্ৰান্তত ২৯৯/১৯ নম্বৰত ভাৰতীয়‌দণ্ড বিধি আইনৰ ৩৬৩/৫০৬ ধাৰাত গোচৰ ৰুজু কৰে ।

উল্লেখ্য যে ,আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছতেই লংকা থানাৰ এগৰাকী এছ আই গোচৰটোৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল যদিও ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আৰক্ষী বিষয়াজনক বদলি কৰাত গোচৰৰ তদন্ত স্থবিৰ হৈ পৰে।

ইয়াৰ পিছতো ,দুৰ্ভগীয়া ব্যক্তিজনে শীৰ্ষ আৰক্ষী বিষয়াৰ ওচৰতো অপহৰণ সংক্ৰান্তত অৱগত কৰাইছে যদিও বৰ্তমান কোনো সুফল লাভ নকৰিলে ব্যক্তি গৰাকীয়ে ।

ঘটনাৰ ১৫ টা দিন অতিক্ৰম কৰাৰ পিছত উপায়ন্তৰ হৈ ন্যায়ৰ আশাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পিতৃ গৰাকী।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here