পথটোৰ বিধ্বস্ত ৰূপে জ্বলাকলা খুৱাইছে ভালুকমাৰী ৰাইজক

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১৫জুলাইঃ হোজাই জিলাৰ লংকা চক্ৰ অন্তৰ্গত পূব ভালুকমাৰি নেপালী বস্তিৰ এটা গুৰুত্বপূৰ্ণ পথ।
পথটোৰ বিধ্বস্ত ৰূপে ৰাইজক জ্বলা কলা খুৱাইছে!

অতি গুৰত্বপূৰ্ণ পথটো পূব ভালুকমাৰীৰ পৰা পশ্চিম ভালুকমাৰী লৈ প্রায় তিনি-চাৰি কিলোমিটাৰ পথত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, পথৰ শোচনীয় অৱস্থাই ভোগাইছে নেপালী বস্তীৰ ৰাইজক।

হোজাই জিলাৰ বিধায়কৰ লগতে স্থানীয় ৱৰ্ড কমিছনাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ ফলত অঞ্চলৰ ৰাইজে উপায় নাপাই ৰাষ্টাৰ মাজত কঠিয়া ৰুব লগা হয়।

পথটোৰ এনে অৱস্থা হোৱাৰ ফলত যাত্ৰী বাঁহী টেম্পু, চাৰিচকীয়া গাড়ী,মটৰ চাইকেল আদি চলাই যোৱা ৰাইজৰ লগতে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত যমৰ যতেনা ভোগে।

বৰ্তমান স্কুলীয়া ছাত্ৰ-ছাত্ৰী স্কুললৈ যাব নোৱৰাত স্থানীয় লোকে নিজৰ পইচা ৰে শিল ৰাবিছ পেলায় পথটো মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।

এই পথটোৰ অতি সোনকালে মেৰামতি কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালৰ ওচৰত পূব ভালোকমাৰী নেপালী বস্তীৰ ৰাইজে সাংবাদিকৰ জৰিয়তে অনুৰোধ জনাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here