চানমাৰিত বিজেপি পূৱ গুৱাহাটী মন্ডলৰ কৰ্যনিৰ্বাহক সভাঃ প্ৰতিটো বুথত ৮০শতাংশ ভোট লাভ কৰিব বিজেপিয়েঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৬জুলাইঃ পূ্ৱ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বুথত অহা ২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে ৮০ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হ’ব৷

এই মন্তব্য ৰাজ্যৰ শিক্ষা মন্ত্ৰী তথা পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ৷

আজি মহানগৰীৰ চানমাৰিস্থিত পেন্সনভৱনত অনুষ্ঠিত পূৱ গুৱাহাটী মন্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত বিশিষ্ট ব্যক্তিহিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়৷

তেওঁ কয় যে পূৱ গুৱাহাটী মন্ডলত সদস্য ভৰ্তি অভিযান অধিক তীব্ৰতৰ কৰিব লাগিব৷

এইক্ষেত্ৰত দলৰ বুথ সভাপতিৰ পৰা মন্ডল সভাপতিলৈ সকলো কাৰ্যকৰ্তাই সদস্য ভৰ্তি অভিযান অধিক নিষ্ঠাৰে পালন কৰিব লাগিব৷

ইয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে মন্ডলৰ প্ৰতিজন সদস্যক নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়৷

পূৱগুৱাহাটী মন্ডল সভাপতি উৎপল দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত গুৱাহাটী মহানগৰ জিলা সভাপতি বিচিত্ৰ নাৰায়ণ কলিতা উপস্থিত থাকি কয় যে অসমৰ ১২৬ টা বিধান সভা সমষ্টিৰ ভিতৰত সদস্য ভৰ্তি অভিযানত পূৱ গুৱাহাটী মন্ডল শীৰ্ষত থকাৰ পদক্ষেপ ল’বলৈ সকলো দলীয় কৰ্মীক আহ্বান জনায়৷

মন্ডল বিজেপিৰ সাধাৰণ সম্পাদক ক্ৰমে অসীম হাজৰিকা আৰু বিক্ৰম সিঙে আঁতধৰা সভাখনত সভাপতি উৎপল দাসে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে৷

উল্লেখ্যযে মহানগৰ জিলাৰ উপসভাপতি যৱা ইংতি উপস্থিত থাকি চমু ভাষণ প্ৰদান কৰে৷

ইপিনে ৰাষ্ট্ৰীয় সংগীতৰে আৰম্ভণি আৰু জাতীয় সংগীতৰে সামৰণি পৰে গাম্ভীৰ্যপূৰ্ণ সভাখন৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here