নাজিৰাৰ নাট কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত ‘নেত্ৰ কাই’ খ্যাত অভিনেতা অৰুণ হাজৰিকা

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ,হাঁহচৰা,১৬জুলাইঃ গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি অসমৰ চুকে কোণে শিশুসকলক দেখা গৈছে বিভিন্ন কৰ্মশালাত ব্যস্ত হৈ পৰাটো।

এই ক্ষেত্ৰত পিছপৰি ৰৈ যোৱা শিৱসাগৰ জিলাৰ নাজিৰাৰ শিশু সকলো।

নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত নাজিৰা নাট্য মন্দিৰত ৫ জুলাই পৰা ২৫ দিনীয়া কাৰ্যসূচীৰে অনুস্থিত হৈছে গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালা৷

নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বহ্নিমান আৰু নাজিৰা নাট্য সমিতিৰ সহযোগত বিগত তিনিটা বছৰৰ সফল সমাপ্তিৰ পিছত বিগত বৰ্ষকেইটাৰ দৰে এই বছৰো ২৫ দিনিয়াকৈ গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা আয়োজন কৰিছে৷২৫ দিনীয়া কৰ্মশালাত প্ৰশিক্ষক হিচাপে অসমৰ বহুকেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিছে৷

এই নাট কৰ্মশালাত নাজিৰাৰ নাট্য মন্দিৰত নাট প্ৰশিক্ষক হিচাপে দেখা অসমৰ জনপ্ৰিয় অভিনেতা ‘নেত্ৰ কাই’ নামেৰে খ্যাত অৰুণ হাজৰিকা৷

নাজিৰাৰ প্ৰতিভাবান শিশু,ছাত্ৰ-ছাত্ৰীসকলক অভিনয়ৰ শিক্ষা প্ৰদান কৰিছে অভিনেতা অৰুণ হাজৰিকাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here