জাগুনত অচিনাক্ত মৃতদেহ উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ১৬ জুলাইঃ তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অধীনৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত পাৰ্বতীপুৰ গাঁৱত ১৫ জুলাইৰ নিশা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়৷

বেংক অৱ ইণ্ডিয়াৰ সমীপৰ এখন পথাৰৰ পানিত ওপঙি থকাৰ অৱস্থা মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে৷ মৃতদেহটো অৰ্ধগলিত অৱস্থাত থকালৈ চাই ৬-৭ দিনৰ পূৰ্বে মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাতৰি লেখা পৰলৈকে মৃতদেহটো উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here