মাৰ্ঘেৰিটাত বিনামূলীয়া চিকিৎসা শিবিৰ

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা, ১৬ জুলাইঃ সমগ্ৰ ৰাজ্যখনতে জাপানীজ এনকেফেলাইটিছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো জনসাধাৰণক এই ৰোগৰ পৰা হাত সাৰি থকা উপায় সম্বন্ধে জ্ঞাত কৰাৰ লক্ষ্যৰে এক সজাগতা তথা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

সমাজ সচেতনতাৰ বিৰল নিদৰ্শন দাঙি ধৰি মাৰ্ঘেৰিটা মহকুমাৰ ইনথেম গাঁওপঞ্চায়তৰ অন্তৰ্গত উলুপ গাঁৱত স্থানীয় দ্বীপশিখা যুৱক সংঘই যোৱা ১৫ জুলাইত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ আয়োজন কৰে।

বৰ্ত্তমান গ্ৰামাঞ্চলসমূহত জাপানীজ এনকেফেলাইটিচ তথা মেলেৰীয়া ৰোগৰ পৰা হাত সাৰি থাকিবলৈ ল’ব লগা সাৱধনতা তথা এই ৰোগত ল’ব লগা চিকিৎসা সম্বন্ধে ৰাইজক অৱগত কৰাৰ বাবেই এই বিনামূলীয়া চিকিৎসা তথা সজাগতা শিবিৰটোৰ অনুষ্ঠিত কৰা হৈছিল বুলি উদ্যোগতা সমিতিয়ে জানিবলৈ দিয়ে।

এই বিনামূলীয়া চিকিৎসা শিবিৰটোৰ যোগেদি অঞ্চলটো ৰাইজ আংশিকভাৱে হ’লেও উপকৃত হ’ব। উক্ত চিকিৎসা শিবিৰটোত মূখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ মুখ্য মহা-প্ৰৱন্ধক যুগল বৰা।

উলুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুস্থিত হোৱা এই বিনামূলীয়া চিকিৎসা শিবিৰটোত মাৰ্ঘেৰিটা স্থিত ক’ল ইণ্ডিয়া চিকিৎসালয়ৰ বিভিন্ন বিভাগৰ সৰ্ব্বমুঠ ৭ জন অভিজ্ঞ চিকিৎসকে সেৱা আগবঢ়াই।

এই চিকিৎসা শিবিৰত তিনি শতাধিক পুৰুষ-মহিলা তথা শিশুৱে বিনামূলীয়াকৈ নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১৪ জুলাই তাৰিখে অনুস্থানটোৰ লগত সংগতি ৰাখি উক্ত অঞ্চলটোত ম’হ খেদোৱাৰ কৌশল Fog operation ৰ পদ্ধতি প্ৰদৰ্শন কৰা হয়।

চিকিৎসা সেৱাৰ অন্তত স্থানীয় যুৱপ্ৰজন্মৰ সমাজসেৱক সঞ্জীৱ উলুপে গঞাঁ ৰাইজৰ প্ৰতি আগবঢ়োৱা বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে শ্ৰদ্ধা জনাই উক্ত শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক তথা মুখ্য অতিথিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here