চৰকাৰৰ বিৰুদ্ধে এইবাৰ ক্ষোভ উজাৰিলে স্থানীয় ৰাইজেঃ পথৰ শোচনীয় অৱস্থাত লংকাত স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৬জুলাইঃ পথৰ তথৈবচ অৱস্থাত এতিয়া শাসনাধীন বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে লংকাৰ স্থানীয় ৰাইজ।

কৃষ্ণ নগৰৰ পৰা লংকা চহৰলৈ যোৱা একমাত্ৰ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে এতিয়া ক্ষোভ লংকা কৃষ্ণ নগৰ অঞ্চলৰ এইসকলৰ স্থানীয়‌ ৰাইজৰ।

পথ আছে হয় ,কিন্তু পথৰ শোচনীয় ৰূপৰ বাবে যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে এই অঞ্চল বাসীয়ে।

পুখুৰীৰ ওপৰত পথ নে পথৰ ওপৰত পুখুৰী ধৰিৱই নোৱৰা অৱস্হা|আনহাতে পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত যাতায়তৰ ক্ষেত্ৰত নানান অসুবিধা হোৱাৰ লগতে তৎকালীন চিকিৎসাৰ বাবে এই পথেৰে প্ৰৱেশ নকৰে ১০৮ মৃত্যুঞ্জয় সেৱা।

ফলত চিকিৎসাৰ বাবে ৰোগী নিয়াত স্থানীয় ৰাইজে বহু সমস্যাৰ সন্মুখীন হৱ লগা হৈছে |

জৰাজীৰ্ণ পথটিৰ বাবে বিদ্যালয়লৈ অহা যোৱা কৰাত নানা অসুবিধাৰ সন্মুখীন হয় কণ কণ শিক্ষাৰ্থী সকলো।

তদুপৰি,যোৱা কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পথৰ মাজত থকা পুখুৰী সদৄশ গাঁতত পানী জমা হোৱাৰ ফলত যাতায়তৰ বাবে একেবাৰে অনুপযোগী হৈ পৰাৰ লগতে সামান্য বাইক এখনো পথেদি নিব নোৱৰা অৱস্হাৰ সৃষ্টি হৈছে।

ইফালে,এটি সুচল পকীপথ নিৰ্মাণৰ বাবে বাৰম্বাৰ আবেদন নিবেদন কৰিও আজি পৰ্যন্ত সুফল নাপালে কৃষ্ণনগৰ বাসীয়ে।

সেয়েহে অৱশেষত উপায়ন্তৰ হৈ সোমবাৰে এই দৰেই জৰাজীৰ্ণ পথৰ ওপৰতেই প্ৰতিবাদ সাবস্ত্য কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অঞ্চলটোৰ শতাধিক পুৰুষ মহিলাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here