বাক্সাত দুৰ্বৃত্তৰ আক্ৰমণ ব্যৱসায়ীকঃ লক্ষাধিক টকা লৈ পলায়ন

প্ৰাগজ্যোতিষ বাৰ্তা,তামুলপুৰৰ পৰা ধীৰাজ উপাধ্যায়,১৯জুলাইঃ বাক্সা জিলাৰ সদৰ মুছলপুৰত যোৱাকালি সন্ধিয়া দুৰ্বৃত্তৰ আক্ৰমণত দুজন ব্যৱসায়ী আহত হোৱাৰ লগতে ব্যৱসায়ী দুজনৰ পৰা দুৰ্বৃত্তই লক্ষাধিক টকা কাঢ়ি লৈ যায় ৷

প্ৰাপ্ত তথ্য মতে, যোৱাকালি আবেলি নিকাছিৰ দুই তামোল ব্যৱসায়ী ধনপ্ৰসাদ ঢুংগেল আৰু বিলাস বৰালে মুছলপুৰস্থিত ষ্টেট বেংকৰ পৰা টকা উলিয়াই নিজৰ লাগতিয়াল কাম কৰি মটৰ চাইকেলেৰে সন্ধিয়া নিকাছিৰ নিজ ঘৰলৈ গৈ আছিল৷

কিন্তু নাৰায়ণপুৰত ৰাজপথতে দুখন মটৰচাইকেলত যোৱা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে পিছফালৰ পৰা গৈ বাট আগোচি ধৰি ব্যৱসায়ী দুজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে৷

দুৰ্বৃত্তৰ আক্ৰমণত দুই ব্যৱসায়ী ৰাজপথতে বাগৰি পৰাত পুনৰ আক্ৰমন কৰে আৰু তেনে অৱস্থাত তেওঁলোকৰ লগত থকা নগদ লক্ষাধিক টকাৰ লগতে বেংকৰ অন্যান্য কাগজ পত্ৰ লৈ দুৰ্বৃত্ত কেইজন মুছলপুৰৰ পিনে গুছি আহে৷

পাছত স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ আহত ব্যৱসায়ী দুজনক উদ্ধাৰ কৰি নিকাছিলৈ লৈ যায়৷

কিন্তু আহতৰ অৱস্থা গুৰুতৰ হোৱাত দুয়োকে নিকাছি ৰাাজ্যিক চিকিৎসালয়ৰ পৰা পুনৰ উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ লৈ যায় ৷

ৰাজপথতে হোৱা এই আক্ৰমণক লৈ এতিয়া অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here