হোজাই জিলাত বানাক্ৰন্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৯জুলাই- হোজাই জিলাৰ বশিষ্ঠ সমাজকৰ্মী তথা ডোকাগীৰি বঁটা প্ৰাপক সুজিত সুম আৰু লংকাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ গুণেশ্বৰ শইকীয়া নেতৃত্বত ১৭জুলাইত হোজাই জিলাৰ বানপিড়ীত দুৰ্দশাগ্ৰস্থ ৰাইজৰ মাজত সা সামগ্ৰী বিতৰণ কৰা হয়।

বিেশষকৈ জিলাখনৰ লঙ্কা আৰু হোজাই ৰাজহ চক্ৰৰ অধীনস্থ কেন্দুগুৰি বৰ নামঘৰৰ, ৰাজ বৰী এম ই স্কুল , ৰাজ বাড়ী শিৱ মন্দিৰ আৰু পূব কান্ধুলি মাৰি বান আশ্ৰই শিবিৰত ৰাইজৰ খা-খবৰ লোৱাৰ লগতে স্থানীয় ৰাইজক বিশুদ্ধ খোৱা পানীৰ বটল,বিস্কুট , বস্ত্ৰ আদি প্ৰয়োজনীয় সা-সামগ্ৰী বিতৰণ কৰা হয়।

এই কাৰ্যসূচীত লংকাৰ গোপীনাথ জুনিয়ৰ কলেজৰ অধ্যক্ষ শশীপ্ৰভা শইকীয়া আৰু নাবজ্যোতি পাঠক উপস্থিত আছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here