মাৰ্ঘেৰিটাত আলফা (স্বা)ৰ কেডাৰৰ আত্মসমৰ্পণ

0
184

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,১৯ জুলাই- তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত বৰ্তমানেও অব্যাহত আছে ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ উগ্ৰপন্থীৰ বিৰুধী তীব্ৰ অভিযান ।

উল্লেখ্য যে কেইমাহমান পূৰ্বে ম্যানমাত বাহৰপাতি থকা আলফা স্বাধীনৰ শিবিৰত ম্যানমাৰ সেনাই উচ্ছেদ অভিযান চলোৱা পৰিপেক্ষিতত আলফা স্বাধীনৰ একাংশ দুৰ্ধৰ্ষ কেডাৰে অস্ত্ৰ-সস্ত্ৰসহ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন নিৰাপদ স্থানলৈ পলায়ন কৰি আত্মগোপন কৰি থকাৰ কথা বিভিন্ন সংবাদ পত্ৰত প্ৰকাশ পাই আহিছে।

ঠিক তেনেস্থলত আজি যোৱা নিশা ভাৰতীয় সেনাই গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই ।

সেনা আৰু স্থানীয় আৰক্ষীয়ে চলোৱা এই অভিযানৰ উমান পাই আলফা স্বাধীনৰ ৩ জন দুৰ্ধৰ্ষ কেডাৰে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।

প্ৰাপ্ত তথ্য অনুসৰি আজি যোৱা নিশা ৯ মান বজাত ভাৰতীয় সেনা আৰু স্থানীয় আৰক্ষী ওচৰত সদস্য কেইজনে আত্মসমৰ্পণ কৰে ।

আত্মসমৰ্পন কৰা সদস্য কেইজন হ’ল, ক্ৰমে তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত মহং গাঁৱৰ ছাৰ্জেণ্ট মেজৰ নীৰৱ সন্দিকৈ ওৰফে জয়দীপ মৰাণ(৩৩), ডিব্ৰুগড়ৰ জিলা অন্তৰ্গত চাবুৱা ছাজেণ্ট লেফনেণ্ট উদ্দীপন অসম ওৰফে কৰুণজিত চেতিয়া(২২) আৰু লক্ষীমপুৰ জিলা ছাজেণ্ট লাতুমণি অসম ওৰফে পুলকেশ দাস (২৫)।

আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্যকেইজনে এটা ৭.৬২ এম এম পিষ্টলৰ লগতে ১৪৯ ৰোউণ্ড সজীৱ গুলিসহ আত্মসমৰ্পন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here