গুৱাহাটীত বিহুৱা বিহুৱতীৰ বান সাহয্যৰ ধন সংগ্ৰহ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৯জুলাই-ৰাজ্যৰ চাৰিওপিনে বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত লাখ লাখ পৰিয়াল বানৰ কবলত সৰ্ব হাবলগীয়া হৈছে৷

কিছু সংখ্যক বানক্ৰান্তই এমুঠি অন্ন আৰু এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷

এই বানাক্ৰান্ত অঞ্চলবাসী ৰাইজক সামন্য সহায়ৰ হাত আগবঢ়াবলৈ বিহুৱা-বিহুৱতী নামৰ স্বেচ্ছাসেবী অনুষ্ঠানটোৱে ১৭ জুলাইত মহানগৰীৰ গনেশগুৰী উৰণীয়া সেতুৰ তলত ধন সংগ্ৰহ কৰা দেখিবলৈ পোৱা গৈছে৷

সংগঠনটোৰ সভাপতি দীপাংকৰ বৰা আৰু সম্পাদক দীপাকংৰ শৰ্মাই জানিবলৈ দিয়ে যে ১৭ জুলাইত গুৱাহাটীৰ বিভিন্ন অঞ্চলত প্ৰায় ৩৬ হাজাৰ টকা সংগ্ৰহ কৰিছে৷

আজিৰ ধন হিচাপ কৰা হোৱা নাই যদিও আাশানুৰূপভাৱে সংগ্ৰহ হোৱাৰ কথা জনায় সভাপতি বৰাই৷

লগতে তেওঁ উল্লেখ কৰে যে আৰু দুই তিনিদিন বিভিন্ন ঠাইত ধনসংগ্ৰহ কৰি বানাক্ৰান্ত ৰাইজৰ মাজত খোৱা সামগ্ৰীকেধৰি কাপোৰ আদি বিতৰণ কৰিব ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here