বিদ্যা ভাৰতীৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে দৌল গোবিন্দ দৰ্শন

প্ৰাগজ্যোতিষ বাৰ্তা,উত্তৰ গুৱাহাটী,১৭ জুলাই: গুৱাহাটীৰ নাৰেঙ্গীত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা আয়োজিত আচাৰ্য প্ৰশিক্ষণ বৰ্গত ভাগ লোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ১৬৩ গৰাকী আচাৰ্য- আচাৰ্যাই আজি ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰে।

প্ৰভুৰ আশীষ প্ৰাপ্তিৰ বাবে মন্দিৰত প্ৰাৰ্থনা জনায় আৰু ভোগ গ্ৰহণ কৰে।

বিদ্যা ভাৰতীৰ প্ৰশিক্ষণত ভাগ লোৱা নাৰেংগীৰ শিক্ষাৰ্থী আচাৰ্য আচাৰ্যাসকলে ইয়াৰ পাছতে আই আই টি দৰ্শন কৰে।

শেষত দদৰা নিকেতন উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। দলটোক নেতৃত্ব দিয়ে নগাঁও বিভাগৰ বিভাগ নিৰীক্ষক পৰাণ বৰা আৰু গুৱাহাটী বিভাগৰ নিৰিক্ষক আশুতোষ বৰ্মনে।

দলটোক উত্তৰ গুৱাহাটীত স্বাগত জনায় উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here