প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ‘আৰংগেট্ৰম্ আৰু ভাৰতনাট্যম্ নৃত্য উৎসৱ ২০১৯’ শীৰ্ষক অনুষ্ঠান

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী,১৯ জুলাইঃ নূপুৰ কালচাৰেল একাডেমীৰ যোৱা ৬ জুলাইত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আৰংগেট্ৰম্ আৰু ভাৰতনাট্যম নৃত্য উৎসৱ, ২০১৯ শীৰ্ষক অনুষ্ঠিত হৈ যায়।

নূপুৰ কালচাৰেল একাডেমীৰ মুখ্য পৃষ্ঠপোষক তথা অসম চৰকাৰৰ কৰ বিভাগৰ সহকাৰী আয়ুক্ত বিজয় চন্দ্ৰ গোস্বামীৰ আদৰণি ভাষণৰ পাছতে গুৰু ডঃ মনীষা দেৱী গোস্বামী আৰু আৰংগেট্ৰমত অংশ গ্ৰহণকাৰী ১৫ গৰাকী প্ৰশিক্ষাৰ্থীেয় পুৰোহিতৰ বেদ মন্ত্ৰৰ ধ্বনীৰ লগে লগে ভগৱান নটৰাজৰ পূজা কৰে।

ইয়াৰ পাছত গুৰু ডঃ মনীষা দেৱীেয় প্ৰশিক্ষাৰ্থীসকলক তত্ত-কাঝি, জুনুকা আৰু অঙ্গ-বস্ত্ৰ প্ৰদান কৰে।

ইয়াৰ পাছত অনুষ্ঠানৰ মুখ্য অতিথি তথা ভাৰতৰ সংগীত নাটক অকাডেমীৰ প্ৰাক্তন সচিব জয়ন্ত কস্তুৱাৰক সম্বৰ্ধনা জনাই।

ভাষণ প্ৰসংগত কস্তুৱাৰে গুৰু ডঃ মনীষা দেৱীৰ নৃত্য আৰু সংগীত প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰে আৰু আৰংগেট্ৰমত অংশ গ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক আশীবাৰ্দ তথা শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক তথা ওডিচী আৰু সত্ৰীয়া নৃত্যৰ গুৰু অনীতা শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ অধ্যাপক আৰু বৰ্তমােন কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ উমেশ ডেকা, জ্যেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকা, বিশিষ্ট সমাজসেৱক গোপাল শৰ্মা, ধীৰাজ দাস, নৃত্য-নাট্য সমালোচক অতুল দত্ত আৰু মেকআপ শিল্পী অৰূপ দাসক সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰ পাছত গুৰু জয়ন্ত কস্তুৱাৰে ১৫ গৰাকী প্ৰশিক্ষাৰ্থীক আৰংগেট্ৰমৰ ডিপ্ল’মা প্ৰদান কৰে।

ডিপ্ল’মা প্ৰাপ্ত প্ৰশিক্ষাৰ্থীসকল হ’ল সংহিতা সেন ডেকা, অৰিন্দিতা কাশ্যপ, আদিশ্ৰী কৌশিক, নিষ্ঠা নাথ, জ্যোতিস্মিতা দাস, ৰোজা বৰুৱা, কৃশাদীপ শৰ্মা, অস্মিতা বৰুৱা, প্ৰিয়ম কৰ, ৰাসিকা মহন্ত, প্ৰাৰ্থনা বৰকটকী, কৃশাংগী শৰ্মা, ৰাগিণী কাশ্যপ, ধৃতি শৰ্মা আৰু জিজ্ঞাসা কাশ্যপ।

ইয়াৰ পাছত ভাৰতনাট্যম নৃত্য উৎসৱত একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলে বিনায়ক স্তুতি, পুষ্পাঞ্জলী, আলাৰিপু, বৰ্ণম, শব্দম, পদম, ফিউজন তিল্লানা আদি বিভিন্ন নৃত্য প্ৰদৰ্শন কৰি শ্ৰোত দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে।

আটাইকেইটা নৃত্য সুন্দৰভাৱে কৰিঅ’গ্ৰাফী কৰে গুৰু ডঃ মনীষা দেৱী গোস্বামীয়ে আৰু তেওঁক সহায় কৰে গুৰু সুস্মিতা গোস্বামী, হিমশিখা কেওট আৰু সুস্মিতা ডেকাই।

অনুষ্ঠানৰ আঁত ধৰিছিল ডঃ অৰ্চিতা ভট্টাচাৰ্য, ছায়ন গোস্বামী আৰু হিমশিখা কেওটে

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here