পেঙেৰীত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, কানি আৰু মাদক দ্ৰব্য প্ৰচলন নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰে আয়োজন কৰা ‘য়েছ টু ফুটবল, ন’ টু ড্ৰাগছ -থাউজেণ্ড গ’ল ” শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া,১৯ জুলাইঃ ভাৰতীয় সেনাৰ তিনিচুকীয়া জিলা অন্তৰ্গত পেঙেৰীস্থিত শিবিৰৰ ৩ নং গাড়ৱাল ৰাইফালছৰ উদ্যোগত আৰু পেঙেৰীৰ বিভিন্ন দল সংগঠনৰ সহযোগত যোৱা দহ জুলাই পৰা পেঙেৰীত অনুষ্ঠিত ” য়েছ টু ফুটবল, ন’ টু ড্ৰাগছ -থাউজেণ্ড গ’ল” শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ যোৱা কালি সফল সামৰণি পৰে।

বৃহত্তৰ মাৰ্ঘেৰিটা মহকুমা পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, কানি আৰু মাদক দ্ৰব্যৰ অবাধ প্ৰচলন নিয়ন্ত্ৰণৰ লক্ষ্যৰে পেঙেৰী স্থিত ভাৰতীয় এই সকল সেনাই বহুতো অভিযান চলাই অহাৰ সমান্তৰালকৈ গাঁৱৰ উঠি অহা প্ৰতিভাবান যুৱকসকলক খেলত উৎসাহিত কৰাৰ প্ৰয়াসেৰে পেঙেৰীৰ খাটাংপানী চাহ বাগিচাৰ খেলপথাৰত এই আকৰ্ষণীয় ফুটবল খেলখন অনুষ্ঠিত কৰে।

অঞ্চলটোত ড্ৰাগছ বিৰোধী অভিযানৰ লক্ষ্যৰে আৰম্ভ কৰা এই ফুটবল প্ৰতিযোগিতাত অঞ্চলটোৰ ১৬ টা ফুটবল দলে অংশ গ্ৰহণ কৰে।

এই ফুটবল টুৰ্ণামেণ্টৰ যোৱা কালি আয়োজিত চূড়ান্ত খেলখন নাগাপথাৰ এফ চি বনাম খামংপথাৰ এফ চিৰ মাজত অনুষ্ঠিত হয়, য’ত দুয়োটা দলে সমান গ’ল দিয়াত টাই ব্ৰেকাৰ পদ্ধতিৰে খামানপথাৰ এফ চি এ ৪-১ গ’লৰ ব্যৱধানত নগাপথাৰ এফ চিক পৰাজিত কৰি চেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰে।

খেলৰ অন্তত মুখ্য অতিথি হিচাপে উপস্থিত থকা কামাণ্ডিং অফিচাৰ কৰ্ণেল যোগেন্দৰ স্বনাই বিজয়ী দলক বঁটা বিতৰণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here