প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা,১৯ জুলাইঃ ৰাজ্যিক ভিত্তিত কামৰূপ জিলাৰ মিৰ্জাত অনুষ্ঠিত ১৮ বছৰৰ অনুৰ্ধ্বৰ কিক বক্সিং প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলৰ এগৰাকী যুৱতীয়ে সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই অনাত অঞ্চলজুৰি অপাৰ আনন্দৰ জোৱাৰ উঠিছে।
প্ৰাপ্ত খবৰ অনুসৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত উলুপ গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ জীয়াৰী কাইদিম উলুপ(১৫)নামৰ প্ৰতিভাৱান ছাত্ৰীগৰাকীয়ে মিৰ্জাত অনুষ্ঠিত হোৱা কিক্ বক্সিং প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়।

কৃষক শুদ্ধৰাম উলুপ আৰু নাংচিত্ৰা উলুপৰ কণিষ্ঠা কন্যা কাইদিম উলুপ বৰ্ত্তমান কেটেতং জনজাতি হাইস্কুলৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী ।
অধ্যয়ণৰ সমান্তৰালকৈ কিক বক্সিঙতো নিয়মীয়া অনুশীলন কৰি সুনাম তথা গৌৰৱ কঢ়িয়াই অনা কাইদিম পুনৰ অহা ছেপ্টেম্বৰ মাহত পাঞ্জাবত হ’ব লগা ৰাষ্ট্ৰীয় পৰ্য্য়াপ্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে বুলি জানিবলৈ দিয়ে।
কিন্তু পৰিতাপৰ বিষয় আৰ্থিক দৈন্যতাৰ প্ৰভাৱত উন্নতমানৰ প্ৰশিক্ষণৰ লগতে ভৱিষ্যত এই জাগ্ৰত প্ৰতিভা অগ্ৰসৰ হোৱাত বাধাৰ প্ৰাচীৰ সৃষ্টি হৈছে বুলি পৰিয়ালবৰ্গই অতি আবেগেৰে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে চৰকাৰে পাৰ্য্যমানে দেশৰ সম্ভাব্য নক্ষত্ৰটি উজ্জ্বলময় হোৱাত আৰ্থিক সহাৰি আগবঢ়ালে অনাগত দিনত দেশৰ বাৱে গৌৰৱৰ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব।