ডেৰাডুনৰ উত্তৰাখণ্ডত গোলাঘাট নৃত্যাঞ্জলী সংগীত মহাবিদ্যালয়ৰ সাফল্য

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,১৯ জুলাইঃ ডেৰাডুনৰ উত্তৰাখণ্ডত অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গোলাঘাটৰ নৃত্যাঞ্জলী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সাফল্য লাভ কৰিবলৈ সক্ষম হয়৷

ছাত্ৰ-ছাত্ৰীসকলে শাস্ত্ৰীয় নৃত্যত দলীয়ভাৱে প্ৰথম স্থান, ভোৰতালত প্ৰথম স্থান, ধৰ্মশাস্ত্ৰীয়ত আৰু শাস্ত্ৰীয়ত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

উচ্চ শাখাত শাস্ত্ৰীয় নৃত্যত ইশাৰানী শইকীয়াই প্ৰথম, ঈশানী বৰুৱাই দ্বিতীয় আৰু ঋতী কোঁৱৰে তৃতীয় স্থান লাভ কৰে৷

ইয়াৰ উপৰিও অৰ্ধশাস্ত্ৰীয় নৃত্যত ইশাৰানী শইকীয়াই প্ৰথম, ঈশ্বানী বৰুৱাই দ্বিতীয় আৰু ঋতী কোঁৱৰে তৃতীয় স্থান লাভ কৰে৷

নৃত্য প্ৰতিযোগিতাত পংখী গগৈ আৰু পৰিস্মিতা বৰাই উদগনীমূলক বঁটা পাবলৈ সক্ষম হৈছে ৷এককভাৱে অনুষ্ঠিত হোৱা আধুনিক নৃত্য প্ৰতিযোগিতাত উচ্চ শাখাত আনন্দিতা গোঁঁহাইয়ে দ্বিতীয় কংকনা গগৈয়ে তৃতীয় আৰু ঋতী কোঁৱৰে বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে৷

ইয়াৰ লগতে লোকনৃত্য প্ৰতিযোগিতাত ঈশ্বনী বৰুৱাই প্ৰথম, কাব্যশ্ৰী গোঁহায়ে তৃতীয় আৰু লোকনৃত্যৰ মুকলি শাখাত পৰী গগৈয়ে তৃতীয় স্থান লাভ কৰিছে৷

উক্ত মহাবিদ্যালয়ৰ পৰাই নিম্ন শাখাত অংশগ্ৰহণ কৰি জাহ্নৱী ফুকন আৰু অন্বেষা বৰতামুলীয়ে উদগণিমূলক বঁটা লাভ কৰিছে৷

অৰ্ধশাস্ত্ৰীয় নৃত্যত অন্বেষা বৰতামুলীয়ে প্ৰথম চিম্পি ফুকনে উদগনিমূলক বঁটা পোৱাৰ লগতে আধুনিক নৃত্যত আয়ুৰষ্মান কাকতি, ঋতৃষ্ণা কটকী আৰু সম্প্ৰতি শইকীয়াই উদগনিমূলক বঁটা লাভ কৰিছে৷

আনহাতে লোকবাদ্য প্ৰতিযোগিতাত নিম্ন শাখাৰ জাহ্নৱী ফুকনে গগনাত প্ৰথম স্থান, ঢোল বাদনত অদ্ৰিশ বৰুৱাই প্ৰথম ঋতী কোঁৱৰে আধুনিক সংগীতত দ্বিতীয় আৰু বন-জ্যোৎস্মা গগৈয়ে আধুনিক নৃত্যত উদগনিমূলক বঁটা লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

গোলাঘাটৰ পুলিবৰস্থিত বগৰিজেংৰ নৃত্যঞ্জলী মহাবিদ্যালয়খনৰ বিশ গৰাকী শিল্পীয়ে বঁটা লাভ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাত অসমৰ বাবে এক গৌৰৱৰ বিষয়৷

এনে পাৰদৰ্শিতামূলক প্ৰতিযোগিতাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ দ্বীপজ্যোতি বৰা ফুকনৰ লগতে সহযোগীসকলক গোলাঘাটবাসীয়ে প্ৰশংসা কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here