লংকা আৰক্ষী জালত চাৰি গাড়ী চোৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপন্দৰ সিং বাবু, ২০ জুলাইঃ লংকা আৰক্ষী জালত চাৰি গাড়ী চোৰ চক্ৰৰ সদস্য আটক | ডিমাপুৰত বলেৰে পিকআপ গাড়ী বিক্ৰী কৰি লামডিং অসংৰক্ষীত বনাঞ্চলত গাড়ী চুৰি হোৱাৰ নাটক কৰি আৰক্ষীৰ হাতত আটক ধৃত চাৰি চোৰ|

আটকাধীন চোৰ ক্ৰমে গাড়ীখনৰ স্বত্বাধিকাৰ চোলেমান আলি(নগাঁও),ৰিজু খান(জুৰিয়া),জিয়াবুৰ ৰহমান(ধিং) আৰু কুটুবুদ্দিন(ধিং)|

উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা হোজাই জিলাৰ লামডিং অসংৰক্ষীত বনাঞ্চলৰ মাজত অচিনাক্ত দুৰ্বৃত্তই বলেৰো পিক আপ ভান AS 02 BC 1960 নম্বৰৰ গাড়ীখন লামডিং অভিমূখে গৈ থকা অৱস্হাত অচিনাক্ত কোনো দুৰ্বৃত্তই অস্ত্ৰ দেখুৱাই ভয় ভাবুকিৰে গাড়ী ৰখাই,চালক আৰু হেন্দিমেনক গাড়ীৰ পৰা নমাই উক্ত গাড়ীখন কৰি লৈ যায় বুলি লংকাৰ উদালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল গাড়ীৰ স্বত্বাধিকাৰ চুলেমান আলীয়ে|

পিছত উক্ত ঘটনা সন্দৰ্ভত জিলা উপ আৰক্ষী অধিক্ষক ,উদালী আৰু লংকা আৰক্ষীয়ে ঘটনাস্হলীত উপস্হিত হৈ তদন্ত চলাই গাড়ীৰ হেন্দিমেন আৰু চালকক সন্দেহ বশতঃ জেৰা কৰাত অন্য এক ঘটনাহে পোহৰলৈ আহে |

উল্লেখ যে, গাড়ীৰ স্বতাধীকাৰ চুলেমান আলীয়ে ফাইনেন্স কোম্পানীক গাড়ীৰ ৮টাকৈ কিস্তী পৰিশোধ কৰিব নোৱৰাত, ফাইনেন্স কোম্পানীৰ পৰা ধন আত্মসাৎৰ লালসাত উক্ত গাড়ীখন
যোৱা ১৬ জুলাই তাৰিখে ডিমাপুৰত বিক্ৰী কৰি গাড়ী অপহৰণ হৈছে বুলি মনে ৰচা এক অভিনয় কৰিছিল|

পিছত লংকা আৰক্ষীৰ অনুসন্ধানত সামগ্ৰীক ঘটনা পোহৰলৈ অহাত গাড়ীৰ স্বতাধীকাৰ সহ উক্ত চাৰি ধৃত গাড়ী চুৰি চক্ৰৰ সদস্যক আটক কৰি হোজাই জিলা প্ৰশাসনে চলাই আছে ঘটনাসন্দৰ্ভত তদন্ত |

বৰ্তমান লামডিং আৰক্ষীৰ জিম্মাত ধৃত চাৰি গাড়ী চুৰি চক্ৰৰ সদস্য|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here