প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা, ২০জুলাইঃ সদৌ অসম আদিবাসী ছাত্ৰ-সন্থা চমুকৈ আটছা তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত কেইবাখনো আঞ্চলিক সমিতিয়ে আজি সন্ধিয়া ডিগবৈ ৰাজপথত শিক্ষামন্ত্ৰী সিদ্বাৰ্থ ভট্টাচাৰ্য প্ৰতিকৃতি দাহ কৰে।
তিনিচুকীয়া জিলাৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়সমূহত ছাত্র-ছাত্ৰীৰ নামভৰ্তিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ১৯জুলাইত সংগঠনটোৱে ডিগবৈত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লখ্য যে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ বহু মাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত ডিগবৈ মহাবিদ্যালয়ৰ অধীনতে নামভৰ্তিৰ পৰা বঞ্চিত হৈ আছে প্ৰায় সাত শৰো অধিক ছাত্ৰ-ছাত্ৰী।
এইলৈ বিগত সময়ত মহাবিদ্যালয়খনত কেইবাবাৰো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ গৈছে।
সেয়েহে সদৌ অসম চাহ জনজাতী ছাত্র সন্থাৰ ডিগবৈ আঞ্চলিক সমিতি, মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতি, আৰু পেঙেৰী আঞ্চলিক সমিতিয়ে ১৯জুলাইত যৌথভাৱে ডিগবৈৰ ৰাজপথত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ৰাজপথত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰ সংগঠটোৱে এই সন্দৰ্ভত কয় যে ইতিপূৰ্বে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে বিষয়টো আলোচনা কৰা হৈছিল।
আৰু বিষয়টো গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষা বিভাগক বিহীত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।
মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতো ৰাজ্যৰ শিক্ষা বিভাগে বিষয়টোত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।
সংগঠনটো দাবী যে অতি শীঘ্ৰে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তি ক্ষেত্ৰত ৰাজ্য শিক্ষা বিভাগে সু-ব্যৱস্থা কৰি দিয়ক।
অন্যথা আটছাই পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ গঢ়ি তুলিবলৈ বাধ্য হ’ব আৰু ইয়াৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগেই দায়ী হ’ব।