সুৰামত্ত এ.এছ.ই.বি.ৰ বাহনৰ চালকে ঘাইপথত দুৰ্ঘটনা সংঘঠিত কৰি সন্মুখীন হ’ল গণ প্ৰহাৰৰ

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ২০ জুলাইঃ তিনিচুকীয়া জিলা তৈল নগৰী ডিগবৈ চহৰৰ মাজমজিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত ১৯জুলাইৰ নিশা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘঠিত হয়।

প্ৰাপ্ত খৱৰ অনুসৰি কৰ্মৰত অৱস্থাত থকা এ.এছ.ই.বি.ৰ বাহনৰ চালক আৰু কৰ্মচাৰী এজনে সুৰামত্ত অৱস্থাত ডিগবৈ চাৰিআলিৰ বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুত বেগেৰে মহতিয়াই নিলে কেইবাখনো বাহন।

তাৰ পাছতে উত্তেজিত ৰাইজে এ.এছ.ই.বি.ৰ বাহনখনৰ পৰা চালক আৰু কৰ্মচাৰীজনক নমাই খেদি খেদি প্ৰহাৰ কৰে।

উক্ত ঘটনাক লৈ নিশা তৈল নগৰী ডিগবৈত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

ঘটনা স্থলীত স্থানীয় ডিগবৈ আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক আৰু এ.এছ.ই.বি.ৰ কৰ্মচাৰী দুয়োকে ডিগবৈ আৰক্ষী থানালৈ লৈ আনে।

উক্ত দুৰ্ঘটনাত আহত বহুকেইজন পথচাৰীক ডিগবৈৰ আই অ’ চি চিকিস্যালয়লৈ প্ৰেৰণ কৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here