ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰত সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ আৰু পৰম্পৰাগত মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰ সফল সামৰণি

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২০জুলাইঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী আন্তৰ্জাতিক সংগঠন ছ’চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত যোৱা ৯ জুলাইৰ পৰা ১৩ জুলাই লৈ কলাক্ষেত্ৰ প্ৰাঙ্গণত “সাঁচিপতীয়া পাণ্ডুলিপি প্ৰস্তুতকৰণ আৰু শংকৰী শৈলীত অংকন’ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়।

এই কৰ্মশালাত সাঁচিপতীয়া পুথি, হেঙুল-হাইতাল আদি পৰম্পৰাগত ৰং আৰু মহীৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে শংকৰী শৈলীতে পুথিচিত্ৰ অংকনৰ ওপৰতো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ছ’চাইটী ফৰ শ্ৰীমন্ত শংকৰদেৱৰ উদ্যোগত ২০১৩ বৰ্ষৰ পৰাই প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইত এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু ইয়াৰ জৰিয়তে অসমৰ পুথিচিত্ৰ চৰ্চ্চা ক্ষেত্ৰখনত এক নতুন অধ্যায় সংযোজিত হৈছে।

পাঁচদিনীয়া এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে অসমৰ খ্যাতিমান পুথিচিত্ৰ শিল্পী মৃদু মৌচম বৰাই।

তদুপলক্ষ্যে ১৩জুলাইত কলাক্ষেত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা সামৰণি সভাত কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি পদ্মশ্ৰী সূৰ্য হাজৰিকা, চ’ছাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ সভাপতি ড°সঞ্জীৱ কুমাৰ বৰকাকতী, সমন্বয়ক প্ৰদীপ হাজৰিকা প্ৰমুখ্যে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰি গুৰুজনাৰ অমৰ সৃষ্টি সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে।

সভাখনৰ আঁতধৰে অধ্যাপিকা মধুচন্দা চলিহাই।

উক্ত সভাতেই বন্তি প্ৰজ্বলনেৰে ১৪ জুলাইৰ পৰা ১৮জুলাইলৈ উক্ত স্হানতে এক পৰম্পৰাগত মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰো শুভাৰম্ভ কৰে অসম আৰক্ষীৰ ডি,আই,জি শ্যামল প্ৰসাদ শইকীয়াই।

আনহাতে যোৱা কালি মুখা প্ৰস্তুতকৰণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া স্বপ্ননীল বৰুৱা,অধ্যাপক অতুল বৰুৱা, শিল্পী মাধৱ কৃষ্ণ দাস,জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্য, ফটো সাংবাদিক চামুচুল হুদা পাটগিৰী প্ৰমুখ্যে বহু কেইগৰাকী গন্য-মান্য ব্যক্তিয়ে উক্ত সভাৰ আঁত ধৰে ছ’চাইটীৰ সম্পাদক মৃদু মৌচম বৰাই।

উল্লেখযোগ্য যে এই দুইকৰ্মশালাত অসমৰ বিভিন্ন অঞ্চলৰ লগতে শ্ৰীলংকাৰ প্ৰশিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে।

উক্ত মুখা কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট মুখাশিল্পী দেৱকান্ত হাজৰিকা,বিনোদ ভুঞাঁ আৰু পাপু দাসে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here