প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২০জুলাইঃ বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কিষান মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা এখন আজি মহানগৰীৰ পল্টনবজাৰ স্হিত শ্ৰী মন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় ৷
কিষান মৰ্চাৰ জিলা সভাপতি মৃনাল দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে ৰাজ্যিক উপসভাপতি ড°প্ৰদীপ ঠাকুৰীয়া উপস্থিত থাকি সদস্য ভৰ্তি অভিযানৰ ওপৰত ব্যক্তব্য প্ৰদান কৰে ৷
তেওঁ লগতে বানপীড়িতৰ ওচৰলৈ গৈ সামন্যপৰিমানে হ’লেও সহায় সহযোগীতা আগবঢ়াবলৈ সদস্য সকলক আহ্বান জনায় ৷
গুৱাহাটী মহানগৰ জিলা সভাপতি বিচিত্ৰ নাৰায়ণ কলিতা উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত আলোকপাত কৰে ৷
ইপিনে পূৱ গুৱাহাটীৰ মন্ডল সভাপতি উৎপল দাস জিলাৰ সাধৰণ সম্পাদক অমৰজ্যোতি ডেকা ৰাজ্যিক কিষান মৰ্চাৰ সম্পাদক অংকুৰ দাসে উপস্থিত থাকি সদস্য ভৰ্তি অভিযানৰ ওপৰত চমু ভাষণ প্ৰদান কৰে৷
সাধৰণ সম্পাদক শংকৰ বৰুৱাই আঁতধৰা সভাখন বন্দেমাতৰম গীতেৰে শুভাৰম্ভ কৰা হয় আৰু জাতীয় সংগীতেৰে সমাপ্ত কৰা হয় ৷