সাংবাদিক বিপিন হাজৰিকা চিকিৎসাধীন

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰা পৰা মুকুল বাইলুং,২৩জুলাইঃ শিৱসাগৰ জিলাৰ লাকুৱাৰ বৈদ্যুতিন মাধ্যম ডি ৱাই ৩৬৫ আৰু দুখনকৈ সংবাদ পত্ৰ গণ অধিকাৰ শিমলুগুৰিৰ সংবাদদাতা আৰু দৈনিক অসমৰ লাকুৱাৰ সংবাদদাতা বিপিন হাজৰিকা গুৰুতৰভাৱে অসুস্থ হোৱাত ২০ জুলাই অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয়।

বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

কেইবাদিন ধৰি সাংবাদিকগৰাকী পানী লগা জ্বৰ, মূৰবিষত ভুগি আছিল।শনিবাৰে পুনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত বিপিন হাজৰিকা চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে নাজিৰা প্ৰেছ ক্লাব, হাঁহচৰা প্ৰেছ ক্লাবৰ লগতে বিভিন্ন সাংবাদিক সন্হা আৰু দল-সংগঠনৰ নেতাই সাংবাদিক বিপিন হাজৰিকালৈ সহায়ৰ হাত আগবঢ়াইছে।

চিকিৎসকে জানিবলৈ দিয়া মতে, সাংবাদিক বিপিন হাজৰিকা বৰ্তমান বিপদমুক্ত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here