নৱজাগৰণ সাহিত্য মঞ্চৰ উদ্যোগত বাৰিষাৰ এদিন উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মণীষা শৰ্মা,২৩ জুলাইঃ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে সংগঠিত হোৱা সাহিত্য সাধনাৰ অনুষ্ঠান নৱজাগৰণ সাহিত্য মঞ্চৰ উদ্যোগত ২১জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত ‘বাৰিষাৰ এদিন’ শীৰ্ষক কাব্যানুষ্ঠান অনুষ্ঠিত হৈ যায়।

বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰায় শতাধিক নবীন-প্ৰবীণ কবিয়ে কবিতা পাঠ কৰে।

উত্তৰ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন মূৰব্বী অধ্যাপক খগেন্দ্ৰ নাথ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে কবি, সমালোচক বিপুল, শৰ্মা।

সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে হাচমত আলি, হৃদয় কুমাৰ পাটগিৰি, মুকুট শর্মাকে ধৰি আনবহুজন।

উল্লেখযোগ্য যে আজিৰ সভাতে কল্যাণ কিশোৰ নাথক সভাপতি, ববিতা শইকীয়াক কাৰ্যকৰী সভাপতি, নৱনিতা শইকীয়া গগৈক সম্পাদক, আৰু ঊষা মণি শইকীয়া আৰু সাধন নাথক যুটীয়া সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here