মাৰ্ঘেৰিটাত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত সজাগতা সভা

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া,২১ জুলাইঃ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত ৩ নং উদয়পুৰ গাঁৱত স্থানীয় গাঁওৰক্ষী বাহিনী উদ্যোগত আজি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। ৩ নং উদয়পুৰ প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হোৱা সভাখনত সভাপতিত্ব স্থানীয় সমাজ কৰ্মী বিনোদ খানালে।

পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সজাগতা সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে লেখাপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুৰঞ্জয় বৰা , মাৰ্ঘেৰিটা মহকুমা গাওঁৰক্ষী সংগঠনৰ উপঃউপদেষ্ট বিকাশ বৰুৱা, উদয়পুৰ হাইস্কুলৰ প্ৰাক্তন শিক্ষক মোহন শৰ্মা, জাগুন আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া বিজয় দাস, মাৰ্ঘেৰিটা আৰক্ষী থানাৰ গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক ভদ্ৰ বৰ শইকীয়া আৰু অঞ্চলটোৰ স্থানীয় গাওঁবুঢ়া।

লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৰাইজক আইন সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত ৰাইজক অৱগত
কৰে তেওঁ সকলোকে সজাগ সচেতন হৈ থাকিবলৈ কোৱাৰ লগতে সকলোকে আইন হাতত তুলি নল’বৰ বাবে অনুৰোধ জনাই।

ৰাইজে আইন হাতত তুলি লোৱা বাবেই বহুসময়ত অপৰাধী সাৰি যাবলৈ সক্ষম হয় বুলি কয়।

তেওঁ লগতে কয় যে যুৱ প্ৰজন্মক মাদকদ্ৰব্য সেৱনৰ পৰা আঁতৰত ৰাখিবলৈ হ’লে পৰিয়ালৰ লোক সকলো সচেতন হ’ব লাগিব বুলি কয়।

মাৰ্ঘেৰিটা মহকুমা গাওঁৰক্ষী সংগঠনৰ উপ-উপদেষ্ট বিকাশ বৰুৱাই অঞ্চলটোত মুক্ত ৰূপত মাদকদ্ৰব্য প্ৰচলনক বাধা দিবৰ বাবে সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব বুলি কয়।

ইয়াৰ বাবে ঘৰখন তথা পৰিয়ালৰ লগতে গাওঁৰক্ষী বাহিনী সদস্য সকলো সচেতন হোৱা প্ৰয়োজন আছে।

নিজৰ ল’ৰা বা ছোৱালীজনীয়ে কি কৰিছে কলৈ গৈছে এই বিষয়ে ঘৰখনে চকু ৰখা প্ৰয়োজনীয়তা আছে।

লগতে তেওঁ শিশু অধিকাৰ তথা আইন সম্পৰ্কে নিজৰ বক্তব্যত উল্লেখ কৰে।

উক্ত সজাগতা সভাখনত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ গাওঁৰক্ষী বাহিনী চক্ৰ সংগঠক ভদ্ৰ বৰশইকীয়া,লেখাপানী আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া আৰু প্ৰাক্তন শিক্ষক মোহন শৰ্মাইয়ো নিজৰ বক্তব্য দাঙি ধৰে।

সজাগতা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উদয়পুৰ গাওঁৰক্ষী বাহিনী সভাপতি প্ৰেম কুমাৰ তামাঙে।

গাওঁৰক্ষী বাহিনী উদ্যোগত আয়োজিত উক্ত সজাগতা সভাখনত স্থানীয় মহিলা সমিতি বিষয়ববীয়া সদস্যসহ অঞ্চলটো শতাধিক লোক উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here