এন আৰ চিৰ দুখদ গাথাঃ ৫০ হাজাৰ টকা জৰিমনা নাইবা জেল হোৱাৰ ভয়তে আত্মহত্যা ৰহিম উদ্দিনৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৩জুলাইঃ যোৱা শনিবাৰে এন আৰ চিৰ ২০১৯ তালিকাত নাম অন্তৰ্ভূক্ত নোহোৱাৰ বাবে হোজাই উদালীৰ কাছাৰী গাঁৱৰ ৰহিম উদ্দিন নামৰ ব্যক্তিজনে কৰিছিল বিষপান।

বিষপান কৰা ৰহিম উদ্দিনে আজি সোমবাৰে বিয়লি ভাগত মৃত্যুক সাৱটি লয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কিছুদিন পূৰ্বে লংকাৰ এটা এন আৰ চি কেন্দ্ৰত হেয়াৰিঙৰ বাবে গৈছিল ৰহিম উদ্দিন।

এন আৰ চিৰ কৰ্তৃপক্ষই ৰহিমৰ পিতৃ মৃত বসিৰ উদ্দিনৰ নাম ভোটাৰ তালিকাত বসিৰ আলী বুলি থকাৰ বাবে এন আৰ চিৰ তালিকাত নাম অন্তৰ্ভূক্ত নহ’ব বুলি কোৱাৰ লগতে ৫০ হাজাৰ টকা জৰিমনা নাইবা জেল হ’ব পাৰে বুলি ৰহিমক কৈছিল।

পিছত উক্ত ঘটনা সন্দৰ্ভত লংকা চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰহিম উদ্দিনে নিজে নগৈ আনৰ হতুৱাই আবেদন জনাইছিল যদিও কাৰ্য্যালয়ৰ কোনো বিষয়াই ৰহিম উদ্দিনে নিজে এন আৰ চি ৰ নথি পত্ৰ জমা কৰাৰ লগতে স্বাক্ষৰ আৰু নিজে আহিব লাগিৱ বুলি কোৱাত ৰহিম উদ্দিনে আৰক্ষীয়ে আটক কৰিব পাৰে বুলি ভয়ত নিজৰ মানসিকতা হেৰুৱাই হতভম্ব হৈ যোৱা শনিবাৰে দিনৰ ভাগত ঘৰতে বিষ পান কৰি আত্মহত্যাৰ চেষ্টা কৰে।

পিছত ঘৰৰ সমন্ধীয় লোকে ৰহিম উদ্দিনক ততাতয়াকৈ প্ৰথমে লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায় যদিও পিছত ৰহিমৰ অৱস্হা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে হোজাই হাম চিকিৎসালয়লৈ নিয়ে| চিকিৎসালয়ৰ পৰা পৰিয়ালৰ লোকে আজি ৰহিমক উদালীৰ নিজ গৃহলৈ লৈ আহে যদিও বিয়লি ভাগত ৰহিমে পুনৰ বিষপান কৰাত পৰিয়ালৰ লোকে লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ আহে যদিও আধা বাটতে মৃত্যুক সাৱটি লয়।

উল্লেখ যে, প্ৰথম আৰু দ্বিতীয় বাৰ প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাত নাম অন্তৰ্ভূক্ত আছিল ৰহিম উদ্দিনৰ।

আনহাতে আকৌ ৰহিম উদ্দিনৰ মৃত পিতৃ বসিৰ আলীৰো নাম ১৯৭০ চনৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত আছিল।

পিছত ৰহিমৰ গৃহত উদালী আৰক্ষীলোক উপস্হিত হৈ ৰহিমৰ মৃতদেহটো নগাঁৱৰ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here