সাহিত্য অনুসন্ধানী গোটৰ সৌজন্যত বঁটা প্ৰদান অনুষ্ঠান

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মণীষা শৰ্মা,২৪জুলাইঃ জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটচ এপৰ জৰিয়তে সাহিত্য সাধানাৰ উদ্দেশ্যে গঠন হোৱা ‘সাহিত্য অনুসন্ধানী গোট’ৰ সৌজন্যতত আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত শংকৰ লাল পাৰিকক মুক্তি যোদ্ধা স্বৰ্গীয় ৰাজেন চন্দ্ৰ দত্ত সমাজ সেৱী বঁটা প্ৰদান কৰা হয়।

লেখক, গল্পকাৰ পৱিত্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মননশীল অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কটন কলেজৰ প্ৰাক্তন অধ্যাপক ডঃ ৰমেশ পাঠক, লেখিকা মৃণালিনী দেৱী আৰু সমাজসেৱী কৈলাশ শৰ্মা।

অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা কবি সন্মিলনৰ উদ্বোধন কৰে বিশিষ্ট সমালোচনক তথা নিৱন্ধকাৰ বিপুল শৰ্মাই প্ৰায়।

৪০ গৰাকীৰো অধিক নবীন প্ৰবীণ কবিৰ কবিতা পাঠৰে অধিক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞানপন কৰে গোটৰ সমন্বয় ডঃ গীতা দত্ত চহৰীয়াই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here