হোজাই জিলাৰ লংকা-ধলপুখুৰী ৰে’ল ষ্টেচনৰ মাজত অঘটনঃ ৰে’লৰ খুন্দাত নিহত এজন বিবাহিত ব্যক্তি

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,২৪ জুলাইঃ ২৩ জুলাইত লংকা-ধলপুখুৰী ৰে’ল ষ্টেচনত ঘটে এক অঘটন। এগৰাকী ২৬ বছৰীয়া ব্যক্তিৰ ৰে’লৰ আগত পৰি মৃত্যু ঘটে।

মৃত ব্যক্তিজনৰ নাম প্ৰেম কুমাৰ সিংহা । ঘৰ বালুভণ্ডৰত ।

উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হোজাই জিলাৰ লংকাৰ বালুভন্দৰৰ নিবাসী প্ৰেম কুমাৰ সিংহা নামৰ বিবাহিত ব্যক্তিজন বোকাজানত গাড়ী চালক ৰূপে কৰ্মৰত আছিল ।

কিছু দিনৰ পূৰ্বে প্ৰেম কুমাৰ সিংহাই বিবাহিতা এগৰাকী মহিলাক প্ৰেমৰ জালত ফচাই মহিলাগৰাকীক সন্তান সহ লংকা নিজ গৃহলৈ পলুৱাই লৈ আহে ।

পিছত লংকাৰ গৃহত প্ৰথমা পত্নী, পৰিয়াল আৰু সমাজৰ লোকে ঘৰত সোমাবলৈ নিদিয়াৰ লগতে প্ৰথমা পত্নীয়ে সোমবাৰে নিশা লংকা থানাত নিজ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

পিছত প্ৰেম কুমাৰ সিংহাই নিশা ৰে’ল লাইনত জাপ দি মৃত্যুক সাৱটি লোৱাৰ সন্দেহ স্থানীয় লোকৰ।

ৰে’ল আৰক্ষী লোক ঘটনাস্হলীত উপস্হিত হৈ ছিন্ন বিচ্ছিন্ন হৈ ৰে’ল আলিত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here