কবিতাই মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিলে প্ৰকৃত কবিতা নহয়ঃ মৃনালিনী দেৱী

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা,২৪জুলাইঃ আজিৰ সমাজত যঠেষ্ট সংখ্যক কবিতা ৰচনা হৈছে৷ নতুন নতুন কবিতাৰ আৰ্বিভাৱ হৈছে৷

এই কবিতাসমূহে মানুহৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই৷যাৰ বাবে কবি সকলে কবিৰ প্ৰকৃত মৰ্যাদা লাভ কৰিব পৰা নাই৷

কবিতাই মানুহৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিলে প্ৰকৃত কবিতা নহয়৷এই মন্তব্য বিশিষ্ট সমাজকৰ্মী তথা ৰাজ্যৰ বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃনালিনী দেৱীৰ৷

আজি প্ৰাগজ্যোতিষ বাৰ্তাক মৃনালিনী দেৱীয়ে কবিতা সন্দৰ্ভত এইদৰে কয়৷

তেওঁ কয় যে যিয়ে ভবিষ্যত প্ৰজন্মক এজন মানুহ হিচাপে গঢ়ি তুলিব পাৰে সেইগৰাকী ব্যক্তিহে বঁটা পোৱা উচিত৷

আজি বিভিন্ন অনুষ্ঠানত কবিতা পাঠ কৰা দেখা পোৱা যায় কিন্তু আদৰ্শবান কবিতা দেখিবলৈ পোৱা নাযায়৷

যি কবিতাত সমাজৰ একোজন কবি, একোজন আদৰ্শবান সাহিত্যিকক প্ৰতিষ্ঠা কৰাৰ সমল দেখিবলৈ পোৱা নাযায় ৷

দেৱীয়ে লগতে কয় কবিতা মানুহে যোৰকৈ সৃষ্টি কৰিব নোৱাৰে৷

ই অন্তৰৰ পৰা নিগৰি অহা একো একোটা শব্দই কবিতাৰ সৃষ্টি কৰে বুলি বিশিষ্ট সমাজ কৰ্মী মৃনালিনী দেৱীয়ে কয় ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here