খানাপাৰা মাধৱনগৰত সংগীত, নাটক, নৃত্যৰ অনুষ্ঠানঃ সুন্দৰম সংগীত নাটক আৰু নৃত্য একাডেমী

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২৪ জুলাইঃ সুন্দৰম সংগীত নাটক আৰু নৃত্যৰ এক সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ হ’ব ২৫ জুলাই ২০১৯ বৃহস্পতিবাৰে৷

বৃহত্তৰ খানাপাৰা অঞ্চলৰ বহুদিনীয়া সমস্যা এটা লাঘৱ কৰাৰ উদ্দেশ্যৰে মাধৱনগৰস্থিত জ্ঞানোদয় জাতীয় বিদ্যালয়ত আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা বিশিষ্ট শিল্পীৰ দ্বাৰা সংগীত আৰু সত্ৰীয়া নৃত্যৰ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷

শুভউদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অধ্যাপক ডঃ নিৰঞ্জন কলিতা, বিশিষ্ট সাংস্কৃতিক কৰ্মী পৱিত্ৰ কুমাৰ শৰ্মা আৰু শিল্পী জন্মী দাস উপস্থিত থাকিব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here