কবি নৰেন তালুকদাৰৰ স্মৃতিত কবিতাৰ এদিন

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২৪জুলাইঃ সত্তৰ দশকৰ পৰা অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰা অসমৰ বিশিষ্ট কবি, কাব্য সমালোচক নৰেন তালুকদাৰে যোৱা ১৪ জুলাই ২০১৯ ইং তাৰিখ দেওবাৰে জীৱনৰ চিৰন্তন বাৰ্তা দি আমাৰ মাজৰ পৰা চিৰ বিদায় লয়।

কাব্য সম্পৰীক্ষাৰে জীৱন-যৗেৱনক আলোড়িত কৰি অসমীয়া কবিতাক নিজস্ব ধাৰাৰে মহিয়ান কৰা প্ৰয়াত কৰি নৰেন তালুকদাৰৰ জীৱন আৰু কাব্য সাধনাৰ অভিন্ন চিন্তাক সজীৱ কৰি ৰখাৰ উদ্দেশ্যৰে গঠিত ‘কবি নৰেন তালুকদাৰৰ স্মৃতি ৰক্ষা সমিতি’ৰ উদ্যোগত আৰু তেওঁৰ পৰিয়ালৰ সহযোগত অহা ২৬ জুলাই ২০১৯ শুকুৰবাৰে কবিগৰাকীৰ জীৱনক উপলব্ধি কৰাৰ মানসেৰে এখন ‘স্মৃতিচাৰণ সভা’ৰ লগতে ‘কবি নৰেন তালুকদাৰৰ স্মৃতিত কবিতাৰ এদিন’ শীৰ্ষক এখন কবি সন্মিলনৰ আয়োজন কৰা হৈছে৷

উক্ত স্মৃতিচাৰণ সভা আৰু কবি সন্মিলনত সমূহ ৰাইজৰ উপস্থিত কামনা কৰিছে আয়োজক মণ্ডলীয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here