প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৪জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশাসুধীয়া প্ৰচেষ্টা আৰু কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰীয়াল নিশংক ৰ যোগাত্মক সহাঁৰি আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য তথা ৰাজ্য চৰকাৰৰ সঠিক পদক্ষেপৰ ফলত টেট উত্তীৰ্ণ ৪১৫৪৩ গৰাকী শিক্ষকক মঞ্জুৰীকৃত স্থায়ী পদত আবেদন জনাব পৰাৰ সুযোগ দি ৰাজ্য চৰকাৰে জাৰি কৰা জাননীক ৰাজ্যিক বি জে পি য়ে আদৰণি জনাইছে।
সভাপতি ৰঞ্জিত কুমাৰ দাসে উল্লিখিত ঘোষণাক আদৰণি জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , ৰাজ্য চৰকাৰ আৰু কেদ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোষৰীয়াল নিশংকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
Facebook Comments