লংকাত দুৰ্বিত্তই মহিলাৰ এটিএমৰ পৰা কৌশলেৰে লুটিলে ধন

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৫ জুলাইঃ হোজাইৰ লংকাত কৌশলগত ভাৱে দুৰ্বৃত্তই গ্ৰাহকৰ এ টি এম কাৰ্ড সলনি কৰি লুটি নিলে ধন । ভূক্তভোগী মহিলাৰ উদালী আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল ।

বৰ্তমানলৈকে ঘটনাসন্দৰ্ভত সুংসূত্ৰই উলিয়াই পৰা নাই উদালী আৰক্ষীয়ে ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হোজাই জিলাৰ লংকাৰ উদালী পহৰা চকীৰ অন্তৰ্গত ছামচুন নেহাৰ নামৰ এগৰাকী মহিলাই ২২ জুলাই তাৰিখে লংকাৰ এটা এটিএমৰ পৰা ধন উলিয়াবলৈ আহিছিল ।

তেনেতে, অচিনাক্ত দুই দুৰ্বৃত্তই মহিলা গৰাকীক তেওৰ এটিএম কাৰ্ডৰ পৰা ধন ৰাশি উলিয়াই দিব বুলি কৈ মহিলাগৰাকীৰ এটিএমখন আৰু গোপন চাৰি অংকৰ নম্বৰটো বিচাৰি লৈ কৌশলগতভাৱে চুমিত কুমাৰৰ নামত থকা অন্য এখন এটিএম কাৰ্ড মহিলাগৰাকীৰ হাতত দি ঘটনাস্হলীৰ পৰা পলায়ন কৰে ।

পিছত ভূক্তভোগী মহিলাগৰাকীয়ে তিনিআলি ষ্টেট বেংক শাখা কৰ্তৃপক্ষৰ পৰা জানিব পাৰে যে, দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ এটিএম কাৰ্ডৰ জৰিয়তে পাঁচ হাজাৰ টকা উলিয়াই নিয়ে ।

ভূক্তভোগী মহিলা গৰাকীয়ে ঘটনা সন্দৰ্ভত উদালী আৰক্ষী পহৰা চকীত ২২ জুলাই তাৰিখেই দাখিল কৰিছিল এক এজাহাৰ । এটিএমত চি চি কেমেৰা থকাৰ পিছতো কিয় আজি পৰ্যন্ত আৰক্ষীয়ে দুই দুৰ্বৃত্তক আটক কৰিব পৰা নাই সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে !

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here