সাহপুৰ ৰাজঘাটত মা মনসা পূজা অনুষ্ঠিত

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৫ জুলাইঃ ২২ জুলাইত সাহপুৰ ৰাজঘাটত মা মনসা পূজা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ক্রমে মৃণালিনী দেৱী, বিশিষ্ট সমাজ কৰ্মী তথা যুৱ নেতা জ্যোতিৰ্ময় শর্মা, ভবসিন্ধু শইকীয়া ,জনপ্ৰিয় অভিনেত্ৰী বিটপী গগৈ আৰু স্থানীয় সমাজ কৰ্মী ভাস্কৰ শৰ্মা।

উক্ত সভাত মৃণালিনী দেৱীয়ে মা মনসাৰ মাহাত্ম্যৰ কথা অতি সাৱলীল ভাৱে ব্যক্ত কৰি সমবেত ৰাইজৰ মঙ্গল কামনা কৰে।

উক্ত অনুস্হানৰ আঁতধৰি নবজিৎ শর্মাই স্থানীয় কৃষকসকলৰ কাৰণে বিনামূলীয়া শালী ধানৰ বীজ যোগান ধৰাৰ বাবে মৃণালিনী দেৱী আৰু জ্যোতির্ময় শর্মাক আহ্বান জনায়।

উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই অচিৰেই ক্ষতিগ্ৰস্ত কৃষকৰ বাবে বীজ যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ৰাইজৰ কুশলার্থে জ্যোতির্ময় শৰ্মাই সংস্কৃত মন্ত্রেৰে দেবীক প্রার্থনা জনায় আৰু ৰাইজক সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।

সেইমর্মে উক্ত বীজ যোগানৰ কাম দ্ৰুত গতিত আগবাঢ়িছে ।গতিকে অঞ্চলবাসী ৰাইজে সোনকালে সেই বীজ লাভ কৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here