পূৱাই মাৰ্ঘেৰিটাত অঘটনঃ বিদ্যুৎস্পৃষ্ঠ হৈ এজনৰ মৃত্যু

0
348

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,২৫ জুলাইঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈ গাঁও পঞ্চায়তৰ দহ নম্বৰ ৱাৰ্ডত আজি নিছেই পূৱাতে এক শোকাৱহ দুৰ্ঘটনা সংৰ্ঘটিত হয়।

ঘৰৰ সম্মুখতে এজন লোক বিদ্যুৎপোষ্ট হৈ মৃত্যু মুখত পৰে।

জানিব পৰা মতে, অতি দৰিদ্ৰ পৰিয়ালৰ অষ্ট বাহাদুৰ লামা (৫৫) নামৰ লোকজনে ব্যক্তিগত চাহ বাগিচাত দিন হাজিৰা কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যাওতেই ঘৰৰ সন্মূখৰে পাৰহৈ যোৱা ২২০ ভল্টৰ মুখ্য তাঁ‌ৰডাল চিঙি মাটিত পৰি থকা অৱস্থাৰ পৰা আঁতৰাবলৈ যাওতে এনে দুৰ্ভাগ্যজনক দুৰ্ঘটনা সংঘঠিত হয়।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিদ্যুৎ বিভাগৰ চৰম গাফিলতি বাবেই লোকজনে কৰুণ মৃত্যুক আকোৱালি ল’ব লগা হ’ল।

বিদ্যুৎ বিভাগে বিদ্যুৎৰ তাঁৰসমূহত লাগি থকা বাহ গছ আদি কাটি চাফা নকৰা বাবেই বাহত লাগি তাঁৰ চিঙি এই শোকাবহ দুৰ্ঘটনাটো সংৰ্ঘটিত হয়।

স্থানীয় লোকসকলে বিদ্যুৎ বিভাগৰ তৰফৰ পৰা উচিৎ ক্ষতিপুৰণৰ দাৱী জনাইছে।

ঘটনা স্থলীত বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ নিহত লোক জনৰ পৰিয়াল বৰ্গক উচিৎ ক্ষতিপুৰণ দিয়া হ’ব বুলি অৱগত কৰিছে।

স্থানীয় ডিগবৈ আৰক্ষী থানাৰ আৰক্ষীও ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহ মৰোণোত্ত পৰীক্ষা বাবে প্ৰেৰণ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here