দিল্লীত প্ৰধানমন্ত্ৰীসকলৰ যাদুঘৰ

প্ৰাগডেস্ক, নতুন দিল্লী,২৫ জুলাইঃ আজি ২৫ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ বাবে এটি বিশাল যাদুঘৰ নিৰ্মাণ হ’ব বুলি ঘোষণা কৰিছে৷

পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ পৰিয়াল আৰু বন্ধুবৰ্গক তেওঁলোকৰ জীৱনৰ বিভিন্ন দিশ ভাগ কৰি জনোৱাৰ বাবেও আহ্বান জনাইছে৷

যোৱা জুন মাহতেই এই প্ৰকল্পটো লোৱা হৈছিল যদিও বিভিন্ন কাৰণত সেয়া বন্ধ হৈ ৰৈছিল, তেতিয়া আনকি সাংস্কৃতিক মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকল্প বাস্তৱায়নৰ বাবে তিনিটা উচ্চ ক্ষমতা সম্পন্ন পেনেলো গঠন কৰা হৈছিল৷

যোৱা বুধবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ এখন কিতাপ উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিষয়টো ঘোষণা কৰে৷

তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ জীৱনৰ প্ৰতিটো দিশ এই যাদুঘৰত সন্নিৱিষ্ট কৰাৰ প্ৰচেষ্টা চলিব৷

ৰাজনৈতিক অস্পৃষ্টতা আঁতৰাই ৰাখি দেশৰ হকে কাম কৰি যোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ কৰ্মৰাজীক জনতাৰ সন্মুখত স্থায়িত্ব প্ৰদানৰ বাবে এনে প্ৰচেষ্টা৷

মোডীয়ে কয় যে এই সম্পৰ্কত তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ জীৱনক বিভিন্ন দিশৰ ফালৰ পৰা ভাগ কৰি তথ্য সন্নিৱিষ্ট কৰাবলৈ পৰিয়ালসমূহকো আহ্বান জনাইছে৷

এই যাদুঘৰটো নতুন দিল্লী তিনমূৰ্ত্তি ইষ্টেটত স্থাপন কৰা হ’ব৷

২৮০ কোটি টকাৰ এই প্ৰজেক্টটো অতি উচ্চ পৰ্যায়ৰ বিজ্ঞানসন্মত ব্যৱস্থাৰে গঢ়ি তোলা হ’ব৷

এই যাদুঘৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱেগৌড়া, চৰণ সিং, আই কে গুজৰাল, পি বি নৰসিংহ ৰাও, আৰু মনমোহন সিঙকে আদি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী শুদ্ধ তথ্য সন্নিৱিষ্ট হ’ব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here