প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,২৫জুলাইঃ বৄহস্পতিবাৰে পুৱতি নিশা লংকাৰ উদালী বজাৰত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা।
পুৱতি নিশা প্ৰায় ৩ মান বজাত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জুই সূত্ৰপাত ঘটাত নিমিষতে অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই বিয়পি পৰে।
ফলত ৩ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত সম্পূৰ্ণ ৰূপে জাহ যায়।
পিছত স্থানীয় লোকে ততাতৈয়াকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰে।
শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয় বুলি জানিব পৰা গৈছে৷
Facebook Comments