বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্য প্ৰদানত, ব্যৰ্থ হৈছে সোণোৱাল চৰকাৰ : সংগ্ৰামী মঞ্চ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী: “প্ৰলয়ংকৰী বানৰ কবলত পৰা ৰাজ্যৰ লক্ষ লক্ষ জনতাক পৰ্যাপ্ত সাহায্য প্ৰদানত অতি দুখলগাকৈ ব্যৰ্থ হৈছে সোণোৱাল চৰকাৰ৷ বন্যাক্ৰান্তক সাহায্য প্ৰদানৰ ক্ষেত্ৰত পৰ্যাপ্ত পুঁজি মজুত আছে বুলি দিছপুৰৰ চৰকাৰখনে দম্ভালি মাৰি থকাৰ সময়তে এমুঠি অন্ন, এধানমান বস্ত্ৰ, আনকি ন্যূনতম চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ ৰৈছে অগণন ৰাইজ৷ বন্যাক্ৰান্ত ৰাইজৰ নামত সোণোৱাল চৰকাৰে ঘঁৰিয়ালৰ চকুলো টুকিবলৈ এৰক৷ চৰকাৰে বাস্তৱ পৰিস্থিতি অধ্যয়ন কৰি তৎকালেই প্ৰতিগৰাকী বন্যাক্ৰান্তক পৰ্যাপ্ত সাহায্য প্ৰদানৰ ব্যৱস্থা লওক৷”

এই মন্তব্য অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনৰ৷ কাৰ্যকৰী সভাপতিগৰাকীৰ নেতৃত্বত সংগ্ৰামী মঞ্চৰ এটা প্ৰতিনিধি দলে কালি মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলত উপস্থিত হৈ বন্যাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয়৷ অঞ্চলটোৰ পৰিস্থতি অধ্যয়নৰ অন্তত ফুকনে কয়, “লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্থ ৮১খন গাঁৱৰ মুঠ ১,৬০,৮৩৮গৰাকী লোক শেহতীয়া বানত আক্ৰান্ত হৈছে৷ সমগ্ৰ মৰিগাঁও জিলাৰ ৪ শতাধিক গাঁৱৰ ৬ লাখৰো অধিক লোকক বান আৰু খহনীয়াই ৰাজপথ আৰু শিবিৰসমূহলৈ আহিবলৈ বাধ্য কৰিছে৷ কিন্তু এইসকল লোকক প্ৰয়োজন অনুসাৰে সাহায্য প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে দিছপুৰৰ চৰকাৰখন৷ কেন্দ্ৰত একে দলৰ চৰকাৰ থকাৰ পিছতো সোণোৱাল চৰকাৰৰ এনে অপাৰগতাৰ কাৰণ কি?”

মঞ্চৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে উদ্বেগ ব্যক্ত কৰি কয়, “ৰাজ্যৰ জলসম্পদ বিভাগৰ চূড়ান্ত অকৰ্মণ্যতা আৰু দুৰ্নীতিৰ বাবে এই অঞ্চলৰ এটাৰ পিছত আন এটা মথাউৰি ভাগিবলৈ ধৰিছে৷ চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়িত নোহোৱাৰ বাবেই লাহৰীঘাট অঞ্চলৰ ৩২খনকৈ গাঁও ইতিমধ্যে বৰলুইতৰ বুকুত জাহ গ’ল৷ আমি অসম সংগ্ৰামী মঞ্চই ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনাইছোঁ৷”

উল্লেখ্য, সংগ্ৰামী মঞ্চৰ প্ৰতিনিধি দলটোৱে কালি লাহৰীঘাট অঞ্চলৰ বানপীড়িত ৰাইজৰ মাজত খাদ্য-সামগ্ৰীকে ধৰি ভালেখিনি অত্যাৱশ্যকীয় সামগ্ৰী সাহায্য হিচাপে আগবঢ়ায়৷ এই বিশেষ কাৰ্যসূচীত মঞ্চৰ উপ-সভাপতি বিমল প্ৰসাদ চৌধুৰী, কেন্দ্ৰীয় সমিতিৰ দুই সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱা আৰু ৰাছেল হুছেইনৰ লগতে আন কেইবাগৰাকীও বিষয়ববীয়াই অংশগ্ৰহণ কৰে৷

সমৰজ্যোতি বেজবৰুৱা

সাধাৰণ সম্পাদক

অসম সংগ্ৰামী মঞ্চ

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here