বানপীৰিত ৰাইজ কাষত বিনামূলীয়া স্বাস্থ্য শিবিৰ

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,২৬জুলাইঃ ধেমাজি জিলৰ শতাধিক অঞ্চল বলিয়া বানে তচনচ কৰা পৰিলক্ষিত হয়,আৰু শ শ বিঘা কৃষি ভূমি নষ্ট হয়।

বানৰ দূষিত পানীৰ ফলত বানাক্ৰান্ত ৰাইজৰ মাজত না না অচিন ৰোগে দেখা দিছে।

আৰু ইয়াৰ ফলত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা নৰোৱাথান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা স্বাস্থ্য বিভাগৰ সহযোগত ২৩,২৪,২৫ তাৰিখলৈকে বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে।

ক্ৰমে কলাকটা,নৰোৱাথান আৰু পোৱাশইকীয়াৰ বানাক্ৰান্তৰ কাষত এই বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে।

টাই আহোম ছাত্ৰ সন্থাৰ নৰোৱাথান আঞ্চলিক সমিতিৰ সভাপতি মান চাও ধীৰেন গগৈ আৰু সম্পাদক মান চাও নিলোৎপল গোহাঁইৰ নেতৃত্বত এই শিবিৰ আয়োজন কৰা হয় বুলি জানিবৈল দিয়ে।লগতে সভাপতি মান চাও ধীৰেন গগৈয়ে অনাগত দিনত এনেকৈয়ে ৰাইজৰ কাষত থিয় দিম বুলি মত প্ৰকাশ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here