তিনিচুকীয়া জিলা মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,২৬ জুলাইঃ তিনিচুকীয়াত অনুষ্ঠিত তিনিচুকীয়া জিলা মহিলা সমিতিৰ ৪১তম প্ৰতিষ্ঠা দিৱসটি অতি উলহ মালহৰে ২৫ জুলাইত দিনযোৰা কাৰ্যসূচীয়ে পালন কৰা হয়।

প্ৰাপ্ত খবৰ অনুসৰি ১৯৭৮ চনতে প্ৰতিষ্ঠা কৰা সমিতিখনে বিগত সময়ছোৱাত বিভিন্ন সমাজ উন্নয়ণমূলক কৰ্মৰ জৰিয়তে জিলাখনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে বৰ্ত্তমান সমগ্ৰ দেশতে ধৰ্ষণমুক্ত তথা নাৰী সুৰক্ষাৰ দিশৰ ওপৰত অভিযান অব্যাহত থকাৰ সময়তে আজি এই অনুস্থানৰ লগত সংগতি ৰাখি নতুন দিল্লীৰ স্থিত ‘কল্যাশ সত্যাৰ্থী ছিলড্ৰেন্স ফাউণ্ডেচনে’ অনুস্থানটিত পূৰ্ণ সহযোগিতা আগবঢ়ায়।

লিগেল এৱাৰনেছ নেটৱৰ্কিং চেণ্টাৰৰ সভাপতি পাপু শ্বাহৰ উদ্যোগত ধৰ্ষণমুক্ত ভাৰত অভিযানৰ (Rape Free India Campaigning)প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে অগ্ৰসৰ হ’বলৈ আজি সকলোৱে ঐক্যৱদ্ধ হয়।

Legal Awareness Network Centreৰ সভাপতি শ্বাহে মহিলা সমিতিৰসমূহ কৰ্মকৰ্ত্তাক শলাগ লোৱাৰ লগতে অনাগত দিনৰ সমাজৰ গঠনমূলক কৰ্মসূচীত একত্ৰিত হৈ সহযোগ তথা দিহা পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনায়।

প্ৰতিষ্ঠা দিৱসৰ অনুস্থানটিত জিলাখনৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ লগতে মহিলা সমিতিখনৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here