হোজাইত বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,২৬জুলাইঃ হোজাই জিলাত বানপানীয়ে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে বানাক্ৰান্তসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে দল সংগঠন আৰু স্থানীয় ৰাইজ৷

হোজাই সমষ্টিৰ বানাক্ৰান্তসকলৰ মাজত হোজাই উকীল সন্থা, হোজাই জিলা আইন সেৱা প্ৰাধিকাৰী আৰু আজমল আইন মহাবিদ্যালয়ৰ যৌথ উদ্যোগত বিতৰণ কৰা হয় সাহায্য সামগ্ৰী৷

প্ৰায় তিনি শতাধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত চাউল,দাইল,চেনী আদি সামগ্ৰী বিতৰণ কৰে তেওঁলোকে৷

এই সাহায্য বিতৰণ অনুষ্ঠানত হোজাই জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙ,হোজাই উকীল সন্থাৰ সভানেত্ৰী ৰোহিনা ৱাৰিছ, সম্পাদক অমৰজ্যোতি শইকীয়াৰ লগতে আজমল আইন মহাবিদ্যালয়ৰ অধ্যক্ষ উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here