হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ সংৱাদ মেলঃ গৰু ছিণ্ডিকেটৰ প্ৰতি সস্তম হোজাই জিলা প্ৰশাসন

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৬জুলাইঃ বৰ্তমানলৈকে চোৰাং ভাৱে গৰু, ম’হৰ ছিণ্ডিকেটৰ ক্ষেত্ৰত ছয়টাকৈ গোচৰ পঞ্জীভুক্ত কৰিছে জিলা প্ৰশাসনে লগতে ১২ জন গাড়ীৰ চালক আৰু হেন্দিমেনক আটক কৰিছে|

আনহাতে যোৱা কালি হোজাই জিলাৰ লংকাৰ উদালীত তিনিখন গৰু গাড়ীত ৩৯ টা গৰু আটক কৰাৰ লগতে চাৰিজন গৰুৰ চোৰাং ব্যৱসায়ীক আটক কৰা হয়|

গৰু সৰবৰাহৰ লগত জড়িত আটকাধীনকেইজনৰ নাম ক্ৰমে, মঃ নিজাম উদ্দিন, মঃ ইছলাম উদ্দিন, আইনুল ইছলাম আৰু চাদিকুল আলম|

আটকাধীন গৰুখিনি প্ৰশাসনৰ দায়িত্বত থকাৰ লগতে আটকাধীন চাৰিওজনক বৰ্তমান লংকা আৰক্ষী থানাত ৰখা হৈছে বুলি জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনে জানিবলৈ দিয়ে|

আনহাতে হোজাই জিলাৰ মৌৰাঝাৰৰ এছ বি আই বেংক শাখাৰ ৩৩ কৌটি টকাতকৈও অধিক কেলেংকাৰী সম্পৰ্কেও আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, তেওঁ কয় যে, বৰ্তমান তদন্ত চলি আছে আৰু ঘটনাৰ আওতাত আহিবলগীয়া ১৮ জন অপৰাধীৰ ভিতৰত আৰক্ষীয়ে চাৰি জন অপৰাধীক ইতিমধ্যেই আতক কৰিছে|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here