টকিঅ’ অলিম্পিকৰ টেষ্ট ইভেণ্টৰ বাবে ভাৰতীয় মহিলা হকী দলৰ ১৮ সদস্য নিৰ্বাচিত

দিল্লী,২৬জুলাইঃ অহা ১৭ আগষ্টৰ পৰা ২১ আগষ্টলৈ হ’বলগীয়া টকিঅ’ অলিম্পিক টেষ্ট ইভেণ্টৰ বাবে ভাৰতৰ মহিলা হকী দলৰ ১৮ জনীয়া সদস্যসকলক আজি নিৰ্বাচিত কৰা হয়।

জাপানৰ হিৰোশ্বিমা এফআইএইচ মহিলা ছিৰিজ ফাইনেলত অংশ গ্ৰহণ কৰা ভাৰতীয় মহিলা হকী দলটোৰ লগত এইবাৰৰ দলটো প্ৰায় একেই।

মুখ্য প্ৰশিক্ষক ছুজ’ৰোড মাৰিঞ্জে মাত্ৰ দুটাহে পৰিৱৰ্তন ঘটাইছে।

সুনীতা কাঠাৰৰ ঠাইত শৰ্মিলা দেৱী আৰু জ্যোতিৰ সলনি ৰীণা খখাৰৰ নাম সন্নিৱিষ্ট কৰা হৈছে।

পূৰ্বৱতী এখন খেলত ৰীণা খখাৰ আঘাতপ্ৰাপ্ত হৈছিল আৰু সুষ্ঠ হৈ উঠাৰ পিচত পুনৰ দললৈ ঘুৰি আহিল, আনহাতে নবাগত শৰ্মিলা দেৱীয়েও এইবাৰ ভাৰতীয় দলত অভিষেক ঘটাৰ আশা কৰিছে।

মুখ্য ষ্ট্ৰাইকাৰ ৰাণী ৰামপালেই দলটিৰ অধিনায়ক হিচাপে থাকিব। আনহাতে সবিতা থাৰ হ’ব সহ-অধিনায়ক।

এই প্ৰতিযোগিতাখন এইবাৰ যথেষ্ঠ প্ৰতিদ্বন্দ্বিতামূলক হোৱাৰ সম্ভাৱনা আছে।

অষ্ট্ৰেলিয়া, চীন আৰু আয়োজক দেশ জাপানৰ উপৰিও ভালে সংখ্যক শক্তিশালী দেশে অংশগ্ৰহণ কৰিব।

ভাৰতীয় দলটোৰ সদস্যসকল ক্ৰমে, গ’লৰক্ষক- সবিতা (সহ অধিনায়ক),ৰজনী এটিমাৰপু।

ডিফেণ্ডাৰ- দীপ গ্ৰেছ এক্কা, ৰীণা খখাৰ, গুৰজিৎ কৌৰ, সালিমা টেটে, নিশা।

মিড ফিল্ডাৰ-সুশীলা চানু পুখৰামবাম, নিক্কী প্ৰধান, মনিকা, লিলামা মিঞ্জ, নেহা গয়েল।

ফ’ৰৱাৰ্ড- ৰাণী (অধিনায়ক), নৱনীত কৌৰ, বন্দনা কাটাৰীয়া, লাৰেনছায়ামি, নৱজ্যোত কৌৰ, শৰ্মিলা দেৱী।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here