লংকাৰ উদালিত কিশোৰী উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা,২৬ জুলাইঃ হোজাই জিলাৰ লংকাত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা।

লংকা উদালিৰ বাসিন্দা পাৰবীন বেগম নামৰ এগৰাকী মহিলাই দুই বছৰ ধৰি এগৰাকী ১৬ বছৰীয়া কিশোৰীক তেওঁৰ নিজ বাসগৃহত আৱদ্ধ কৰি ৰখাৰ লগতে কিশোৰীগৰাকীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় আহিছে।

অৱশেষত কোনো স্থানীয় লোকে উক্ত ঘটনা সন্দৰ্ভত ফোন যোগে ‘১৮১ উইমেন হেল্প-লাইন’ত জনোৱাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

১৮১ উইমেন হেল্প-লাইনে হোজাই জিলাৰ আৰক্ষী অধীক্ষকক জনাই।

পৰবৰ্তী সময়ত লংকা আৰক্ষী ,উদলি আৰক্ষী আৰু লংকা চাইল্ড লাইনৰ সুৰক্ষা বিষয়া পূৰবী গগৈ, ইছাক আহমেদ আৰু লংকাৰ মিন্টু শৰ্মাৰ নেতৃত্বত যোৱা এক বৃহৎ প্ৰশাসনিক দলে কিশোৰীগৰাকীক পাৰবীন বেগম বাস গৃহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here