গুৱাহাটী প্ৰেছ ক্লাৱত মেডিয়া অ’পিডি সম্পন্ন

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা  মণীষা শৰ্মা,২৬জুলাইঃ মহানগৰীৰ আগশাৰীৰ চিকিৎসালয়  ডাউন টাউন হস্পিটেলৰ উদ্যোগত ২৬ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত   সাংবাদিকসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য  শিবিৰৰ  আয়োজন কৰা হয়৷

ইয়াত সাংবাদিক সকলে অভিজ্ঞ চিকিৎসক ডাঃ চত্ৰজিৎ তালুকদাৰ  (এমএছ ) আৰু  ডাঃ শিৱ বালাজিৰ পৰা নাক, কাণ আৰু ডিঙিৰ প্ৰাথমিক চিকিৎসাৰ লগতে পৰামৰ্শ লাভ কৰে।

শিবিৰত স্বাস্থ্যকৰ্মী ছিলভিয়া বৰা আৰু হেনাশ্ৰী সিংহই সাংবাদিক সকলৰ ৰক্ত চাপ পৰীক্ষা কৰে।

উল্লেখযোগ্য প্ৰায় ৩০ গৰাকী সাংবাদিক তথা  তেওঁলোকৰ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰা  শিবিৰত চিকিৎসালয়খনৰ  বাণিজ্যিক বিষয়া  নয়ন জ্যোতি শৰ্মাও  উপস্থিত আছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here