জোনাই বিদ্যুৎশক্তিৰ বিভাগৰ আজৱ কাণ্ড

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া,২৭জুলাইঃ ধেমাজি জিলা জোনাই বিদ্যুৎশক্তিৰ বিভাগৰ চৰম ব্যৰ্থতা ।প্ৰায় ছয় মাহ ধৰি বিদ্যুৎশক্তিৰ সেৱাত ব্যাপক অনিয়মে দেখা দিছে জোনাই অঞ্চলত।

ইয়াৰ ফলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে ২৬জুলাইৰ দুপৰীয়া ভাগত জোনাই চহৰৰ মাজ মজিয়াত এক বৃহত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে জোনাই চহৰত যিমান পৰিমাণৰ বিদ্যুৎশক্তিৰ যোগান ধৰিব লাগিছিল তাৰ পৰিৱৰ্তে যথেষ্ট কম সংখ্যক যোগান ধৰা পৰিৰক্ষিত হয় ।

আৰু ইয়াৰ ফলত ইলেকট্ৰনিক যন্ত্ৰসমূহ অচল হৈ পৰে।

লগতে বিজুলী বাটি পোহৰক চাকিৰ পোহৰ লগত তুলনা কৰিব পাৰি।

অতি পৰিতাপৰ বিষয় যে জোনাইবাসীক জোনাই বিদ্যুৎশক্তিৰ বিভাগে বিদ্যুৎশক্তিৰ ধৰিব নোৱৰাৰ পৰিৱৰ্তে দাঁতি কাষৰীয়া অৰুণাচল প্ৰদেশৰ ৰাইজক বিদ্যুৎশক্তিৰ যোগান ধৰাক লৈ স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ বিষয় ববিয়াই প্ৰতিবাদস্হলী পৰাই শক্তি মন্ত্ৰী গ-বেগ,বিদ্যুৎশক্তিৰ বিভাগ হুঁচিয়াৰ, এ পি ডি চি এল হাই হাই আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে।

লগতে এই সমস্যাসমূহ সমাধান নকৰিলে ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ হুংকা প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here