তিনিচুকীয়া জিলাৰ লিডুত এন এছ চি এন(আৰ) উগ্ৰপন্থী আটক

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,২৭ জুলাইঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ক’লা হীৰা খ্যাত লিডুত এন এছ চি এন(আৰ) উগ্ৰপন্থী আটক হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।

লিডু আৰক্ষী চকীৰ অন্তৰ্গত ১নং মুংলাং পাহাৰত যোৱা ২৫ জুলাইৰ দিনাৰ ৯ নং ৰাজৰিফ ৰেজিমেণ্টৰ সেনা জোৱানে এন এছ চি এনৰ এজন দুৰ্ধৰ্ষ সদস্য আটক কৰে।

প্ৰাপ্ত তথ্য অনুসৰি দিনৰ প্ৰায় ৩-৩০ বজাত এক গোপন সূত্ৰই দিয়া খবৰৰ ভিত্তিত পূৰ্বৰ পৰা খাপ পিতি থকা সেনাৰ দলটোৱে কৌশলেৰে উগ্ৰপন্থীটোক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয়।

আটকাধীন উগ্ৰপন্থীজন এন এছ চি এন( আৰ )ৰ এছ এছ পি ভি টি পদত নিয়োজিত এজন দুধৰ্ষ কেডাৰ বুলি জানিব পৰা গৈছে।

সেনাই উগ্ৰপন্থীজনৰ পৰা জাপানত নিৰ্মিত এটা •৩২ পিস্তল আৰু ৩টা সজীৱ গুলীৰ সৈতে এটা মেগজিন উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে আটকাধীন উগ্ৰপন্থীজনৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰছাংৰ নিৱাসী বিনায়ক বিল্লেৰ পুত্ৰ নোন বিল্লে (২৮) বুলি সূত্ৰটোত প্ৰকাশ।

উগ্ৰপন্থীজনৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী থানাত Mrg. P/S case no. 207/2019 , U/S 10 UA(P) Act R/W sec. 25(1-a) Arms act ৰ অধীনত এটি গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে অধিক তথ্য উৎঘাটনৰ বাবে বৰ্ত্তমানেও তেওঁক নিজৰ জিম্মাত ৰাখি সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

জিলাখনত সেনা আৰু আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

এই অভিযান কালত সেনা আৰু আৰক্ষীয়ে বহুকেইজন উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here