হোজাইৰ দক্ষিণ বিদ্যা নগৰ শংকৰদেৱ নিকেতনৰ উপসভাপতি কৰ্ন্দপ বৰুৱাৰ মৃত্যুত অঞ্চল জুৰি শোক

প্ৰাগজ্যোতিষ বাৰ্তা,হোজাই,২৭জুলাইঃ কামপু্ৰৰ পতিয়াপামত জন্ম গ্ৰহণ কৰা আৰু ১৯৬৮ চনত স্নাতক ডিগ্ৰী লৈ সমাজত সদায় ইতিবাচক চিন্তা চৰ্চাৰে আগবঢ়া হোজাই নিবাসী কৰ্ন্দপ বৰুৱাই যোৱা ১৭ জুলাইত শেষ নিশ্বাস ত্যাগ কৰিছে।

বৰুৱাই ব্যক্তিগত জীৱনত চাকৰি আৰু ব্যৱসায়ৰ কথা চিন্তা নকৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক ৰূপে সামাজিক কাম কৰিবলৈ ১৯৭০ চনত ঘৰৰ পৰা ওলাই গৈছিল।

১৯৭৫ চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন সময়ত বৰুৱাই সত্যাগ্ৰহ আন্দোলনত জপিয়াই পৰি ১৭ মাহ কাৰাবাস খাটিছিল আৰু ১৯৮০ চনলৈকে সংঘৰ প্ৰচাৰক ৰূপে লখিমপুৰ আৰু মঙ্গলদৈত কাম কৰিছিল।

১৯৮০ চনৰ পৰা বিশ্ব হিন্দু পৰিষদৰ পূৰ্ণকালীন কাৰ্যকৰ্তা ৰূপে দায়িত্ব লৈ বৰ্ত্তমানৰ পূৱ কাৰবি আংলং জিলাৰ ফুলনি, হোজাই জিলাৰ সদৰত থকা গীতাশ্ৰম আৰু পশ্চিম কাৰ্বি আংলঙৰ বৰথলত ছাত্ৰবাস আদি কৰি বিশ্ব হিন্দু পৰিষদৰ বিভিন্ন অনুষ্ঠান প্ৰতিস্থানৰ কাম কাজ অদম্য সাহস আৰু সমপৰ্ণৰ ভাৱলৈ অতি নিষ্ঠাৰে আগবঢ়াই নিছিল।

উল্লেখ্য যে, বৰুৱা মৃত্যুৰ আগমুহূৰ্তলৈকে হোজাইৰ দক্ষিণ বিদ্যা নগৰ শংকদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ উপসভাপতিৰ দায়িত্বত কাৰ্যনিবাহ কৰি আছিল।

বৰুৱাই ২০০২ চনৰ ১ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল। মৃত্যুৰ সময়ত বৰুৱাই পত্নী ৰূপালী বৰুৱা আৰু দুটি সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে।

বৰুৱাৰ মৃত্যুত শিশু শিক্ষা সমিতিৰ তৰফৰ পৰা শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু বিদেহী আত্মাৰ সৎগতি কামনা কৰিছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here