সমন্বয়ক প্ৰতীক হাজেলাৰ স্থিতি সন্দেহজনকঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বিজেপিৰ সংবাদ মেল

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২৭ জুলাইঃ এখন সম্পূৰ্ণ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ভৱিষ্যত অসমৰ জাতীয় দলিল।

এই দলিল সম্পূৰ্ণ শুদ্ধ আৰু নিখুঁত ৰূপত প্ৰকাশ হ’বই লাগিব। তাৰ বাবে সম্পূৰ্ণ নিখুঁত আৰু শুদ্ধ পুনঃনিৰীক্ষণ অতি প্ৰয়োজন।

সম্প্ৰতি উন্নীতকৰণৰ প্ৰক্ৰিয়া অব্যাহত থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ নিখুঁত আৰু শুদ্ধ ৰূপত প্ৰকাশ নাপালে ই অসমীয়া জাতিৰ বাবে আশীৰ্বাদ হোৱাৰ পৰিৱৰ্তে অভিশাপ হৈ পৰিব।

আজি ভাৰতীয় জনতা পাৰ্টিৰ্, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত দলৰ মুখপাত্ৰদ্বয় বিজন মহাজন, চৈয়দ মমিনুল আৱাল আৰু ৰাজ্যিক সম্পাদক ডঃ অমিয় কুমাৰ ভূঞাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পৰ্কত স্পষ্ট মত প্ৰকাশ কৰি এই ক্ষেত্ৰত সমন্বয়ক প্ৰতীক হাজেলাৰ স্থিতি সন্দেহজনক বুলি ব্যক্ত কৰিছে।

সংবাদমেলখনত মুখপাত্ৰদ্বয়ে কয়, শেহতীয়াকৈ এনআৰচি সমন্বয়কজনে মহামান্য উচ্চতম ন্যায়ালয়ত শতকৰা সাতাইভ ভাগ লোকৰ আবেদনসমূহ স্বতঃস্ফূৰ্তভাৱে নমুনা পুনঃনিৰিক্ষণ সম্পন্ন হৈছে বুলি শপতনামাত উল্লেখ কৰিছে।

ৰাইজে গম নোপোৱাকৈ এনআৰচি সমন্বয়কজনে এই প্ৰক্ৰিয়া কেনেকৈ সম্পন্ন কৰিলে সেয়া ৰাজহুৱাকৈ স্পষ্ট কৰিব লাগে বুলি উল্লেখ কৰি মুখপাত্ৰদ্বয়ে কয়, প্ৰতীক হাজেলাই উল্লেখ কৰা স্বতঃস্ফূৰ্ত পুনঃনিৰীক্ষণ কি সেয়া অসমৰ ৰাইজক জনাওক।

এই শতকৰা সাতাইশভাগ অৰ্থাৎ প্ৰায় আশী লাখ আবেদনৰ ভিতৰত ৩৬ লাখ দাবী আৰু দুই লাখ আপত্তিৰ নমুনা পুনঃনিৰীক্ষণৰ ভিতৰত ক্ৰুটিপূৰ্ণ লোকৰ পৰিসংখ্যা কিমান সেয়াও স্পষ্ট কৰিব লাগে।

মুখপাত্ৰদ্বয়ে কয়, মহামান্য উচ্চতম ন্যায়ালয়ে ২৮ আগষ্ট ২০১৮ তাৰিখে শতকৰা দহ ভাগ নমুনা পুনঃনিৰীক্ষণ সম্পূৰ্ণ কৰিবৰ বাবে সমন্বয়কজনৰ পৰা নিৰ্দিষ্ট সময়সীমা বিচাৰিছিল যদিও সেই সময়সীমাৰ তথ্য আদালতত দাখিল কৰিলেনে নাই সেই বিষয়েও ৰাইজক অৱগত কৰিব লাগে।

আদালতৰ অনুমতি অবিহনে শতকৰা সাতাইছ ভাগ নমুনা পুনঃনিৰীক্ষণ কেনেকৈ সম্ভৱ হ’ব বুলি প্ৰশ্ন কৰি সংবাদমেলতখনত মুখপাত্ৰদ্বয়ে এ্নআৰচিৰ সমন্বয়কজনৰ এনে ভূমিকাই সম্প্ৰতি সমগ্ৰ প্ৰক্ৰিয়াটো যথেষ্ট ক্ৰটি বিচ্যুতিৰ অৱকাশ থাকি যোৱা বুিল সন্দেহৰ এক বাতাবৰণ সৃষ্টি কৰিছে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ক্ৰটিপূৰ্ণ হ’লে অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিয়া হ’ব।

এয়া অসমৰ ৰাইজে, বিজেপিয়ে কেতিয়াও বিচৰা নাই। অসমৰ ৰাইজক এখন শুদ্ধ এনআৰচি লাগে।

ভাৰতীয় জনতা পাৰ্টিয়ে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিচাৰিছে। এইক্ষেত্ৰত প্ৰতিটো বিষয় অতি স্বচ্ছতােৰ দায়িত্ব সহকাৰে অসমৰ ৰাইজৰ সন্মুখত স্পষ্ট হ’ব লাগে বুলি সংবাদমেলখনত মুখপাত্ৰদ্বয়ৰ লগতে ৰাজ্যিক সম্পাদকজনে মত প্ৰকাশ কৰিছে।

সংবাদমেলখনত মিডিয়া সম্পৰ্ক বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here