বিদ্যুতস্পৃষ্ঠ হৈ মৃত্যু হোৱা অষ্ট বাহাদুৰ লামাৰ পৰিয়ালক ২.৫০ লাখ টকা প্ৰদান

প্ৰাগজ্যোতিষ বাৰ্তা,মাৰ্ঘেৰিটা,২৭ জুলাইঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ পাৱৈ বন গাওঁ নিৱাসী অষ্ট বাহাদুৰ লামা যোৱা ২৫ জুলাইৰ পুৱা বিদ্যুতৰ ছিঙা তাঁৰত লাগি কৰুণভাৱে ঘৰৰ পদূলি মুখতে মৃত্যু হ’ব লগা হৈছিল।

উল্লেখ্য যে দিন হাজিৰা কৰা অষ্ট বাহাদুৰ লামাই উক্ত দিনা পুৱাই কেঁচা পাত চিঙিবলৈ ওলাই গৈ পদূলী মুখতে পৰি থকা বিদ্যুতৰ ২২০ ভল্টৰ চিঙা তাঁৰ ডাল হাতেৰে ধৰি আঁতৰাৱলৈ চেষ্টা কৰোতেই বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি মৃত্যু হৈছিল।

অতি দ্ৰৰিদ্ৰ পৰিয়ালটোৰ গৃহত আজি বিদ্যুৎ বিভাগৰ জিলা পৰ্যায়ৰ বিষয়া উপস্থিত হৈ মৃত অষ্ট বাহাদুৰৰ পৰিয়ালৰ হাতত ২.৫০ লাখ টকা এখন চেক্ প্ৰদান কৰে।

এই চেক প্ৰদান অনুষ্ঠানত বিদ্যুৎ বিভাগৰ জিলা পৰ্যায়ৰ বহুকেইজন বিষয়া কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

বিদ্যুৎ বিভাগৰ তৰফৰ পৰা উপস্থিত লোকসকলক আশ্বাস প্ৰদান কৰা হয় যে অতি শীঘ্ৰে বিদ্যুতৰ পুৰণি তাঁৰসমূহ নবীকৰণ কৰাৰ লগতে উন্মুক্ত বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰসমূহ বেৰা দিয়াৰ ব্যৱস্থা কৰা হ’ব।

বিশেষকৈ কেটেতং জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ কাষৰ আৰু আলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ কাষত থকা উন্মুক্ত বিদ্যুতৰ ট্ৰান্সফমাৰ দুটা অহা এটা দিনৰ ভিতৰতে বেৰা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি বিভাগীয় বিষয়াই জানিবলৈ দিয়ে।

বিভাগৰ তৰফৰ পৰা ৰাইজৰ মাজত সজাগতা বৃদ্ধি বাবে সভা অনুষ্ঠিত কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here