মাৰ্ঘেৰিটাত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত বৃক্ষৰোপণ

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া,২৯ জুলাইঃ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত টিৰাপ জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত আজি এক বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন বজাৰৰ পৰা টিৰাপ হাইস্কুলৰ লৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে প্ৰায় ৪ কিলোমিটাৰ পথত বৃক্ষৰোপণ কৰি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে গোৰ্খা ছাত্ৰ সন্থা এইসকল বিষয়ববিয়াই৷

আজিৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ জড়িয়তে ছাত্ৰ সংগঠনটোৱে অহা দহ দিনৰ ভিতৰত ১০০০ গছ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

কাৰ্যসূচীটোত জাগুন তথা লেখাপানী অঞ্চলৰ বহুকেইজন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে৷

উল্লেখ যে পৰিৱেশ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে লোৱা এই কাৰ্যসূচীক গ্ৰহণ কৰিছে।

ছাত্ৰ সংগঠন গ্ৰহণ কৰা এই পদক্ষেপক অঞ্চলটোৰ সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here